உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভেঁকোভাওনাত পৰিণত পে'ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস! আকৌ বাঢ়িল দাম

    ভেঁকোভাওনাত পৰিণত পে'ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস! আকৌ বাঢ়িল দাম

    Source-Google

    Source-Google

    দেওবাৰ পৰা পুনৰ বৃদ্ধি কৰা হৈছে পে'ট্ৰল-ডিজেলৰ মূল্য

    • Share this:
    পে'ট্ৰল-ডিজেলৰ মূল্যত আৰোপ কৰা ৫টকা উপ কৰ হ্ৰাস কৰাৰ ঘোষণা কৰি বাহ বাহ লৈছিল বিজেপি চৰকাৰে। পিছে মূল্য হ্ৰাস কৰা দুদিন নৌহওতেই আকৌ বাঢ়িল পে'ট্ৰল-ডিজেলৰ দাম।

    দেওবাৰ পৰা পুনৰ বৃদ্ধি কৰা হৈছে এই মূল্য। দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পে'ট্ৰলত বৃদ্ধি হৈছিল ২২ পইচা। সেইদৰে ডিজেলত বৃদ্ধি কৰা হৈছিল ২৮ পইচা। ইফালে পাঁচ টকাকৈ দাম হ্ৰাস কৰাৰ পিছত এই পৰ্যন্ত প্ৰতি লিটাৰ পে'ট্ৰলত বৃদ্ধি পালে ৪২ পইচা। আনহাতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৫৩ পইচা।

    উল্লেখ্য যে, শুকুৰবাৰে মাজনিশাৰ পৰা হ্ৰাস পাইছিল প্ৰতিলিটাৰ পেট্ৰল ডিজেলৰ মূল্য।
    ৫ টকা হ্ৰাস পোৱাৰ পিছত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৫৮ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছিল ৭৯.৫৭ টকা।

    শুকুৰবাৰে বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।




    Published by:Himangshu Bhuyan
    First published: