உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৫টকা হ্ৰাস পোৱাৰ পিছত একেৰাহে ৩দিন ধৰি বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ দাম, জানক এতিয়ালৈকে কিমান বাঢ়িল আৰু আজি গুৱাহাটীত কিমান দাম?

    ৫টকা হ্ৰাস পোৱাৰ পিছত একেৰাহে ৩দিন ধৰি বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ দাম, জানক এতিয়ালৈকে কিমান বাঢ়িল আৰু আজি গুৱাহাটীত কিমান দাম?

    ১৩ ফেব্ৰুৱাৰীত হ্ৰাস পাইছিল পেট্ৰ’ল–ডিজেলৰ মূল্য।

    ১৩ ফেব্ৰুৱাৰীত হ্ৰাস পাইছিল পেট্ৰ’ল–ডিজেলৰ মূল্য।

    ১৩ ফেব্ৰুৱাৰীত হ্ৰাস পাইছিল পেট্ৰ’ল–ডিজেলৰ মূল্য।

    • Share this:
    বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লেখানুদান বাজেটত কৰা ঘোষণাৰ পিছত ১৩ ফেব্ৰুৱাৰীত প্ৰায় ৫টকা (৪.৮৮টকা পেট্ৰ’লত আৰু ডিজেলত ৪.৬৮টকা) হ্ৰাস পাইছিল পেট্ৰ’লৰ মূল্য। পিছে লিটাৰত ৯০টকা পাৰ হোৱাৰ পিছত চৰকাৰৰ কৰ কৰ্তনৰ সুবাদ তল পৰো পৰো! যোৱা তিনিদিন ধৰি একেৰাহে তৈল কোম্পানীসমূহে বঢ়াই আছে পেট্ৰ’ল–ডিজেলৰ মূল্য। ফলত গুৱাহাটীত আজি পেট্ৰ’ল লিটাৰত ৮৬.৪৬ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছেগৈ লিটাৰত ৮০.৬২ টকা।

    দাম কমাৰ পিছত যোৱা তিনিদিনত পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধি আছিল এনেধৰণৰঃ

    ১৪ ফেব্ৰুৱাৰীত পেট্ৰ’লৰ লিটাৰত বৃদ্ধি পাইছিল ২২পইচা, ডিজেলৰ লিটাৰত বৃদ্ধি পাইছিল ২৮পইচা।

    ১৫ ফেব্ৰুৱাৰীত পেট্ৰ’লৰ লিটাৰত বৃদ্ধি পাইছিল ৫৩পইচা, ডিজেলৰ লিটাৰত বৃদ্ধি পাইছিল ৫৭ পইচা।

    ১৬ ফেব্ৰুৱাৰী অৰ্থাৎ আজি পেট্ৰ’লৰ লিটাৰত বাঢ়িল ৮পইচা, ডিজেলৰ লিটাৰত বাঢ়িল ১৬ পইচা।
    First published: