শনিবাৰৰ দিনটোত আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম
সৰ্বসাধাৰণৰ মূৰত শোধাইছে ৰামটাঙোন। বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। শনিবাৰৰ দিনটোতে ৰাজ্যত পেট্ৰ’লত বৃদ্ধি পালে ২৫ পইচা। আনহাতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২১ পইচা। ইয়াৰ লগে লগে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৮৪.৫৯ টকা। সেইদৰে প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছেগৈ ৭৯.০৭ টকা।
এনেদৰে এতিয়া প্ৰতিদিনে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিগত ২১ দিনত পেট্ৰ’লত বৃদ্ধি পালে ৯.১২ টকা। আনহাতে ডিজেলত বৃদ্ধি পালে ১১.০১ টকা। জানিব পৰা মতে, এতিয়া পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস পোৱাৰ নাই কোনো সম্ভাৱনা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|