পঞ্চম দিনাও কমিল পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত আজি কিমান দাম?

প্ৰতি লিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ২০ পইচাকৈ হ্ৰাস

news18assam
Updated:May 11, 2019, 12:11 PM IST
পঞ্চম দিনাও কমিল পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত আজি কিমান দাম?
প্ৰতি লিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ২০ পইচাকৈ হ্ৰাস
news18assam
Updated: May 11, 2019, 12:11 PM IST
গুৱাহাটীত আজি প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ৭১.৬৭ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হ’লগৈ ৬৬.৭৩ টকা। পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ২০ পইচাকৈ হ্ৰাস পালে দাম। শুকুৰবাৰে পেট্ৰ’ল আৰু জিজেলৰ মূল্য আছিল ক্ৰমে ৭২.১৭ টকা আৰু ৬৬.৯৩ টকা।

দেশৰ অন্যান্য ৰাজ্যতো হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য। আজি দেশৰ চাৰি খন ডাঙৰ ঠাইত ৪৮ পইচা পৰ্যন্ত হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য। অইল ইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭২.১৫ টকা আৰু ডিজেলৰ মূল্য ৬৬.২৮ টকা।

সেইদৰে মুম্বাইত পেট্ৰ’লত ৭৭.৭৫ টকা আৰু ডিজেলত ৬৯.৪৫ টকা, কলকাতাত পেট্ৰ’লত ৭৪.২১ টকা আৰু ডিজেলত ৬৮.০৪ টকা, চেন্নাইত পেট্ৰ’লত ৭৪.৯০ টকা আৰু ডিজেলৰ মূল্য হ’লগৈ ৭০.০৬ টকা।

আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৭০ ডলাৰ প্ৰতি বেৰলৰ তললৈ হ্ৰাস পোৱাৰ বাবেই যোৱা ৮ দিন ধৰি সমগ্ৰ বিশ্বতে হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য। যাৰ প্ৰভাৱ ভাৰতৰ বজাৰতো পৰা পৰিলক্ষিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি