• Home
  • »
  • News
  • »
  • assam
  • »
  • Right to be Forgotten: নিৰলে থকা বা পাহৰণিৰ গৰ্ভত স্ব-ইচ্ছাই থাকিব বিচৰাটো ব্যক্তিৰ মৌলিক অধিকাৰঃ দিল্লী উচ্চ ন্যায়ালয়

Right to be Forgotten: নিৰলে থকা বা পাহৰণিৰ গৰ্ভত স্ব-ইচ্ছাই থাকিব বিচৰাটো ব্যক্তিৰ মৌলিক অধিকাৰঃ দিল্লী উচ্চ ন্যায়ালয়

দিল্লী উচ্চ ন্যায়ালয়ে এগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি আৰু ভিডিঅ’ বিভিন্ন ৱেব পৰ্টেলৰ পৰা আঁতৰোৱাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূ?

দিল্লী উচ্চ ন্যায়ালয়ে এগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি আৰু ভিডিঅ’ বিভিন্ন ৱেব পৰ্টেলৰ পৰা আঁতৰোৱাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূ?

দিল্লী উচ্চ ন্যায়ালয়ে এগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি আৰু ভিডিঅ’ বিভিন্ন ৱেব পৰ্টেলৰ পৰা আঁতৰোৱাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূ?

  • Share this:
এজন ব্যক্তিয়ে নিৰলে জীৱন নিৰ্বাহ কৰা বা পাহৰণিৰ গৰ্ভত স্ব-ইচ্ছাই থাকিব বিচৰাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰৰ অংশ বিশেষ। এক শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত মতপোষণ  কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

উল্লেখযোগ্য যে, এই বিশেষ অধিকাৰ এতিয়াও ভাৰতীয় আইন ব্যৱস্থাই নাগৰিকক প্ৰদান কৰা নাই। অৱশ্যে প্ৰস্তাৱিত ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়কত (Personal Data Protection Bill) Right To Be Forgotten নামৰে এই বিশেষ অধিকাৰৰ কথা কোৱা হৈছে । এই বিধেয়কখন বৰ্তমান সংসদীয় কমিটীৰ বিবেচনাধীন হৈ আছে। আনহাতে ২০১৭চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গোপনীয়তাৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ৰায় প্ৰদান কৰিছিল ।

ন্যায়াধীশ আশা মেননে এগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি আৰু ভিডিঅ’ বিভিন্ন ৱেব পৰ্টেলৰ পৰা আঁতৰোৱাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মতপোষণ কৰে।

ন্যায়াধীশগৰাকীয়ে কয়, যেতিয়া এগৰাকী ব্যক্তি তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰদৰ্শিত হয় তেতিয়া তেওঁৰ নিৰলে থকা বা পাহৰণিৰ গৰ্ভত সোমাই পৰাৰ অধিকাৰ গোপনীয়তাৰ  অধিকাৰৰ অংশ বিশেষ হৈ পৰে। সেই সূত্ৰ এই গোচৰৰ আবেদনকাৰীৰ ব্যক্তিগত জীৱন অচিনাকী ব্যক্তিৰ আগ্ৰাসনৰ পৰা মুক্ত হোৱাটো বাঞ্ছনীয়।

বাঙালী ছবি জগতৰ অভিনেত্ৰীগৰাকীয়ে আবেদনত উল্লেখ কৰা মতে,  কিছু বছৰৰ পূৰ্বে মুম্বাইৰ এজন বিখ্যাত চিত্ৰ নিৰ্মাতাই OTT মঞ্চৰ এখন ধাৰাবাহিকত অভিনয় কৰিবৰ কাৰণে তেওঁক বিচাৰিছিল। অভিনেত্ৰীগৰাকীক কিছু আংশিক ভাৱে আৰু সন্মুখৰ পৰা সম্পূৰ্ণ ৰূপত নগ্ন হৈ যোৱাৰ অডিচন লোৱা হৈছিল। কিন্তু বিশেষ কাৰণত ধাৰাবাহিকখন প্ৰস্তুত কৰা নহ’ল। কিন্তু যোৱা বছৰ ডিচেম্বৰ মাহত চিত্ৰনির্মাতাগৰাকীয়ে অনুমতি অবিহনে এই সমূহ ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত আপলোড কৰে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছত চিত্ৰনিৰ্মাতাগৰাকীয়ে ফটো আৰু ভিডিঅ’ সমূহ ডিলিট কৰে। কিন্তু তেতিয়ালৈ সেই সমূহ ফটো আৰু ভিডিঅ’বোৰ ভাইৰেল হৈ পৰিছিল । আদালতে নিৰ্দেশ প্ৰদান কৰি কয় যে, ৰাজহুৱাকৈ প্ৰদৰ্শিত তেনে ভিডিঅ’ই আবেদনকাৰীৰ মান-সন্মানৰ ওপৰত প্ৰভাৱ পেলাইছে। আদালতে অহা ২২ছেপ্তেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰিছে।
Published by:Himangshu Bhuyan
First published: