চৰম নিৰাপত্তাহীনতাঃ মহিলা আৰক্ষীক ধৰ্ষণৰ চেষ্টা চৰিফুল আলী নামৰ এটা লম্পটৰ

অসম আৰক্ষীৰ ১১ নং বেটেলিয়ানৰ মহিলা কনিষ্টবল এগৰাকীয়ে প্ৰশিক্ষণস্থলীৰ ঘৰত আহি থকা অৱস্থাত লম্পট চৰিফুলে চেষ্টা চলাই ধৰ্ষণৰ

News18-Assam
Updated:October 16, 2019, 10:40 PM IST
চৰম নিৰাপত্তাহীনতাঃ মহিলা আৰক্ষীক ধৰ্ষণৰ চেষ্টা চৰিফুল আলী নামৰ এটা লম্পটৰ
অসম আৰক্ষীৰ ১১ নং বেটেলিয়ানৰ মহিলা কনিষ্টবল এগৰাকীয়ে প্ৰশিক্ষণস্থলীৰ ঘৰত আহি থকা অৱস্থাত লম্পট চৰিফুলে চেষ্টা চলাই ধৰ্ষণৰ
News18-Assam
Updated: October 16, 2019, 10:40 PM IST
সাধাৰণ লোকৰ কথা নকঁওৱেই, ৰাজ্যত যেন এতিয়া সুৰক্ষিত নহয় মহিলা আৰক্ষীও।   শিৱসাগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। অসম আৰক্ষীৰ ১১ নং বেটেলিয়ানৰ মহিলা কনিষ্টবল এগৰাকী  প্ৰশিক্ষণস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত চৰিফুল আলী নামৰ এটা লম্পটে বাটত আগ ভেটি ধৰি ধৰ্ষণৰ চেষ্টা কৰে। কিন্তু মহিলাগৰাকীয়ে চৰিফুলৰ কবলৰ পৰা কথমপি নিজক ৰক্ষা কৰি আত্মীয়ক খবৰ দিয়ে। পিছত সৌভাগ্য ক্ৰমে আত্মীয়ই মহিলাগৰাকীক উদ্ধাৰ কৰি চৰিফুল আলীক নামৰ লম্পটটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ ১১ নং বেটেলিয়ানৰ মহিলা কনিষ্টবলগৰাকীয়ে স্বামীৰ অসুস্থতাৰ বাবে দেৰগাঁৱৰ প্ৰশিক্ষণস্থলীৰ পৰা শিৱসাগৰৰ ঘৰত আছিল। কিন্তু দুপৰীয়া সময়ত পথত কোনো নথকাৰ সুযোগ লৈ লম্পট চৰিফুলে মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰে। ইফালে ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে চৰিফুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এনেদৰে দিন দুপৰতে এগৰাকী আৰক্ষীক ধৰ্ষণৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি