• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ ডবকাত ব্যৱসায়ীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ টোলগে’টত থকা কৰ্মচাৰীৰ

হোজাইৰ ডবকাত ব্যৱসায়ীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ টোলগে’টত থকা কৰ্মচাৰীৰ

নিয়মতকৈ বেছি টকা বিচাৰিছিল টোলগে’টৰ কৰ্মচাৰীসকলে৷ অতিৰিক্ত টকা নিদিয়াত প্ৰথমে তৰ্কযুদ্ধ আৰু পাছত মাৰপিট কৰাৰ অভিযোগ কৰে আজিৰে৷

নিয়মতকৈ বেছি টকা বিচাৰিছিল টোলগে’টৰ কৰ্মচাৰীসকলে৷ অতিৰিক্ত টকা নিদিয়াত প্ৰথমে তৰ্কযুদ্ধ আৰু পাছত মাৰপিট কৰাৰ অভিযোগ কৰে আজিৰে৷

নিয়মতকৈ বেছি টকা বিচাৰিছিল টোলগে’টৰ কৰ্মচাৰীসকলে৷ অতিৰিক্ত টকা নিদিয়াত প্ৰথমে তৰ্কযুদ্ধ আৰু পাছত মাৰপিট কৰাৰ অভিযোগ কৰে আজিৰে৷

  • Share this:
ডবকাৰ টোলগে’টত অনা অসমীয়া কৰ্মচাৰীৰ দপদপনি। ব্যৱসায়ীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। জয়নগৰৰ আজিৰ উদ্দিন নামৰ এগৰাকী ক্ষুদ্ৰ মাছ ব্যৱসায়ীক টোল গে’টৰ কৰ্মচাৰীয়ে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, নিয়মতকৈ বেছি টকা বিচাৰিছিল টোলগে’টৰ কৰ্মচাৰীসকলে৷ অতিৰিক্ত টকা নিদিয়াত প্ৰথমে তৰ্কযুদ্ধ আৰু পাছত মাৰপিট কৰাৰ অভিযোগ কৰে আজিৰে৷ আজিৰ উদ্দিনে মাছৰ পোনা লৈ নগাঁৱলৈ গৈছিল আৰু উভতি আহোতে সংঘটিত হয় এই ঘটনা৷ যাওঁতে ৬০ টকাৰ টোল টেক্স দিছিল আজিৰ উদ্দিনে৷ কিন্তু উভতি আহোতে ১২৫ টকা বিচাৰে টোলগে’টৰ কৰ্মচাৰীয়ে৷ আৰু সেই টকা দিবলৈ অমান্তি হোৱাৰ বাবেই আক্ৰমণৰ বলি হয় আজিৰ উদ্দিন৷

প্ৰথমে আজিৰক টোলগে’টত থকা কৰ্মচাৰীসকলে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি চমজাই দিয়ে টোলগে’টত থকা নিৰাপত্তাৰক্ষীক। নিৰাপত্তাৰক্ষীয়েও আজিৰক কোনো সোধা–পোছা নকৰাকৈ মাৰপিট কৰাৰ অভিযোগ উঠিছে। পিছত ডবকা আৰক্ষীয়ে খবৰ পাই আজিৰক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

ঘটনা সংক্ৰান্তত আজিৰে ডবকা থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে কেৱল আজিৰকেই নহয়, এইদৰে বহু যাত্ৰীক টোলগে’টৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে। 
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি