• Home
  • »
  • News
  • »
  • assam
  • »
  • গ্ৰীণ জ’নত আজিৰ পৰা সুৰাৰ বিপণী খুলিবলৈ অনুমতি প্ৰদান, অতিৰিক্ত কৰ আৰোপ কৰি শীঘ্ৰেই নতুন দাম নিৰ্ধাৰণ!

গ্ৰীণ জ’নত আজিৰ পৰা সুৰাৰ বিপণী খুলিবলৈ অনুমতি প্ৰদান, অতিৰিক্ত কৰ আৰোপ কৰি শীঘ্ৰেই নতুন দাম নিৰ্ধাৰণ!

সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও সুৰা ক্ৰয় কৰোতে সামাজিক ব্যৱধান মানি চলাতো হ’ব বাধ্যতামূলক

সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও সুৰা ক্ৰয় কৰোতে সামাজিক ব্যৱধান মানি চলাতো হ’ব বাধ্যতামূলক

সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও সুৰা ক্ৰয় কৰোতে সামাজিক ব্যৱধান মানি চলাতো হ’ব বাধ্যতামূলক

  • Share this:
অহা ১৭ মে’ লৈকে দেশত বৃদ্ধি কৰা হ’ল ল’ক ডাউনৰ সীমা। কিন্তু এই বাৰ ল’ক ডাউন হ’ব কিছু ব্যতিক্ৰম। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দেশৰ জিলা সমূহক ভাগ কৰা তিনিটা জ’ন ক্ৰমে অৰেঞ্জ, ৰেড আৰু গ্ৰীণৰ বাবে জাৰি কৰিছে পৃথকে পৃথকে নিৰ্দেশাৱলী। কিছু কিছু ক্ষেত্ৰত গ্ৰীণ আৰু অৰেঞ্জ জ’নত ল’ক ডাউন কিছু শিথিল কৰা হৈছে।

তাৰ মাজতেই আজিৰে পৰা ৰাজ্যত খোলা হৈছে সুৰাৰ বিপণী। কিন্তু কেৱল গ্ৰীণ জ’নতহে সুৰাৰ বিপণী খোলাৰ অনুমতি দিয়া হৈছে। অৰ্থাত্‍ মৰিগাওঁ, ধুবুৰী আৰু গোৱালপাৰা জিলাক বাদ দি অসমৰ বাকী কেইখন জিলাত খুলিব পাৰিব মদৰ দোকান। কিন্তু বঙাইগাওঁ জিলাত যিহেতু ৰাজ্য চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে, গতিকে জিলাখনত সুৰাৰ বিপণী খোলাৰ নাই কোনো সম্ভাৱনা।



উল্লেখযোগ্য যে, পূৰ্বে নিৰ্ধাৰিত দামতে যদিও সুৰা বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও চৰকাৰে শীঘ্ৰে কৰ আৰোপ কৰি নতুন দাম নিৰ্ধাৰণৰ আছে পূৰ্ণ সম্ভাৱনা। এই সন্দৰ্ভত ইতিমধ্যে আবকাৰী বিভাগৰ অতিৰিক্ত সচিবে জিলাসমূহৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছে।

যদিও সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও সুৰা ক্ৰয় কৰোতে সামাজিক ব্যৱধান মানি চলাতো হ’ব বাধ্যতামূলক।
Published by:Himangshu Bhuyan
First published: