Guwahati: কাইলৈৰ পৰা বন্ধ গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান, বন্ধ হৈ পৰিব হোষ্টেল!

News18 Assam | News18-Assam
Updated:April 26, 2021, 8:51 PM IST
Guwahati: কাইলৈৰ পৰা বন্ধ গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান, বন্ধ হৈ পৰিব হোষ্টেল!
আগন্তুক ১৫ দিনৰ বাবে গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

আগন্তুক ১৫ দিনৰ বাবে গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

  • Share this:
কাইলৈৰ পৰা বন্ধ হৈ পৰিব পাৰে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান। মঙলবাৰৰ পৰা আগন্তুক ১৫ দিনৰ বাবে গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ জিলা উপায়ুক্তক টুইটাৰ যোগে আহ্বান জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত অসমত কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৩০০০ৰ ঘৰ অতিক্ৰম কৰিলে। কেৱল কামৰূপ মহানগৰ জিলাতে ১১৫৩ গৰাকী লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।  গতিকে সংক্ৰমণ ৰোধৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনালে জিলা উপায়ুক্তক।




মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ জৰিয়তে লগতে উল্লেখ কৰিছে যে, কেৱল গুৱাহাটী মহানগৰীতে নহয়, অন্যান্য জিলাতো এদিনত কোৰোণা ৰোগীৰ সংখ্যাই ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে বন্ধ কৰা হ'ব সকলো শিক্ষানুষ্ঠান।

কাইলৈৰ পৰা গুৱাহাটী মহানগৰীত সকলো ধৰণৰ চৰকাৰী, বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কোচিং ইনষ্টিটিউশ্যন বন্ধ থাকিব। লগতে বন্ধ হোৱাৰ সম্ভাৱনা আছে হোষ্টেলো।
Published by: Himangshu Bhuyan
First published: April 26, 2021, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি