নগাঁৱৰ উৰিয়াগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কৰ্মকাণ্ডক লৈ পুনৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। ৰাইজৰ প্ৰতিবাদত উৰিয়াগাঁৱত দিল্লীৱালা প্ৰতিষ্ঠানে নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছিল যদিও আজি পুৱাই উৰিয়াগাঁৱত জিলা প্ৰশাসনে ব্যাপক হাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি আৰম্ভ কৰিছে নিৰ্মাণকাৰ্য।
ইপিনে স্থানীয় ৰাইজে যাতায়াত কৰা পথ বন্ধ কৰি চলোৱা নিৰ্মাণকাৰ্যক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে৷ আৰক্ষী মোতায়ন কৰি জে চি বি লগাই খান্দি পেলোৱা হৈছে স্থানীয় বাসিন্দাৰ ঘৰলৈ অহা-যোৱা কৰা পথ ৷
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ Wayside Amenities প্ৰকল্পৰ অধীনত চলোৱা নিৰ্মাণকাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে উৰিয়াগাঁও চ’কৰ সমীপত NHAই ৰাইজৰ পৰা অধিগ্ৰহণ কৰা ভূমি একাংশ বহিৰাগত বণিয়াক লিজত দি চলোৱা নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যোৱা ৩০ নৱেম্বৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে নিৰ্মাণকাৰ্য বন্ধ কৰি দিছিল।
কিন্তু প্ৰতিবাদী ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ দেওবাৰে পুনৰ উৰিয়াগাঁৱত নিৰ্মাণকাৰ্য আৰম্ভ কৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ NHAৰ থলুৱা বিৰোধী এনে নীতিৰ বিৰুদ্ধে অহা ৫ ডিচেম্বৰত পুনৰ AJYCPয়ে স্থানীয় ৰাইজৰ সহযোগত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
থলুৱাক বঞ্চনা আৰু উচ্ছেদ কৰি NHAই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমি বহিৰাগত বণিয়াক চমজাই দিয়াত এতিয়া দিশহাৰা হৈ পৰিছে উৰিয়াগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|