মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাইজে চৰ্চা কৰিছে, ৰাইজে সিদ্ধান্ত ল’ব! নতুন ৰাজনৈতিক দল প্ৰসংগত আছুৰ মুখ্য উপদেষ্টা

ৰাইজে চৰ্চা কৰিছে, ৰাইজে সিদ্ধান্ত ল’ব! নতুন ৰাজনৈতিক দল প্ৰসংগত আছুৰ মুখ্য উপদেষ্টা

তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নতুন দল প্ৰসংগত উত্তৰ দি চৰকাৰক ক্ষুৰধাৰ সমালোচনা ডঃ ভট্টাচাৰ্যৰ।

তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নতুন দল প্ৰসংগত উত্তৰ দি চৰকাৰক ক্ষুৰধাৰ সমালোচনা ডঃ ভট্টাচাৰ্যৰ।

তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নতুন দল প্ৰসংগত উত্তৰ দি চৰকাৰক ক্ষুৰধাৰ সমালোচনা ডঃ ভট্টাচাৰ্যৰ।

  • Share this:
এয়া গুজৰাট নহয়, এয়া অসম, এয়া হাজো। সমাজৰ জীৱনধাৰণ কেনে হ'ব লাগে অসমে দেখুৱাই দিছে, হাজোৱে দেখুৱাই দিছে। অসমত এতিয়া সামাজিক বান্ধোন ভাঙিবলৈ চেষ্টা কৰিছে, বিভাজন আনিবলৈ অপচেষ্টা কৰিছে, অসমত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক বিভাজন আনি লাভ নাই, আমাৰ প্ৰথম চিনাকী অসমীয়া। অসমত কোনো বাংলাদেশীৰ স্থান নাই। পহিলা মাঘত হাজোৰ ঐতিহ্যমণ্ডিত মণিকূট উৎসৱত বিজেপি চৰকাৰক উদ্দেশ্যি এই গৰ্জন আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে অসমে গ্ৰহণ নকৰে আৰু এই কথা দিল্লী-দিছপুৰক আমি জনাই দিব লাগিব বুলি কয় ভট্টাচাৰ্যই। ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি ভট্টাচাৰ্যই কয়,
শংকৰদেৱ-মাধৱদেৱ পাহৰি বিজেপিয়ে দীনদয়ালৰ কথা কৈছিল, এতিয়া অসমৰ পৰিস্থিতি দেখি পুনৰ শংকৰদেৱ-মাধৱদেৱলৈ মনত পৰিছে বিজেপিৰ। বিজেপিয়ে ৰাস্তাত খোজ কাঢ়িলেই শান্তি নাহে। হাজোৰ সমন্বয় যাত্ৰাইহে দেখুৱাই দিলে শান্তি আৰু সমন্বয় কি? এয়াহে আচল শান্তি সমদল। 

আনহাতে ৰাজ্যৰ বহুচৰ্চিত নতুন ৰাজনৈতিক দল প্ৰসংগত আছুৰ উপদেষ্টাগৰাকীয়ে দিলে তাৎপৰ্যপূৰ্ণ কৌশলী উত্তৰ। তেওঁ কয়, নতুন ৰাজনৈতিক দল সম্পৰ্কে ৰাইজৰ মাজত আলোচনা চলিছে। ৰাইজে কি সিদ্ধান্ত লয় সেয়া ৰাইজে বিচাৰ কৰিব। উল্লেখযোগ্য যে আছুৰ সভাপতি দীপাংক নাথে বুধবাৰে গোৱালপাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ বুকুৰ পৰা ফেব্ৰুৱাৰী মাহত নতুন আঞ্চলিক দল গঠন হোৱাৰ ঘোষণা কৰিছিল।

বৃহস্পতিবাৰে এই ৰাজনৈতিক বিকল্প সন্দৰ্ভত সাংবাদিকৰ আগত বিশেষ মন্তব্য নকৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কঠোৰ আক্ৰমণ কৰে বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিশেষকৈ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।  তেওঁ কয়, বিধানসভাত হিমন্তই অসম চুক্তিৰ সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ অসম চুক্তিত ১৯৭১ চন নেদেখাতো আচৰিত। ইমান মিছা কথাৰ আশ্ৰয় লোৱাতো আশ্বৰ্যকৰ! শীঘ্ৰে বিধানসভাৰ অধিবেশন পাতক আৰু ক্ষমা খোজক হিমন্ত বিশ্বই। বিত্ত মন্ত্ৰীয়ে অৰ্থনীতিৰ কথাত গুৰুত্ব দিয়ক।

শেহতীয়া বাতৰি