মুখ্যপৃষ্ঠা »খবৰ »অসম »Car Hit at Jagiroad: মৃত্যুই খেদি ফুৰিছে বন্যাৰ্তক! বানৰ বাবে ঘাইপথত আশ্ৰয় লোৱা বন্যাৰ্তক গাড়ীৰ খুন্দা, হতাহত ৮

Car Hit at Jagiroad: মৃত্যুই খেদি ফুৰিছে বন্যাৰ্তক! বানৰ বাবে ঘাইপথত আশ্ৰয় লোৱা বন্যাৰ্তক গাড়ীৰ খুন্দা, হতাহত ৮

 ৰাজ্যৰ বহুঠাইত ঘাইপথেই হৈ পৰিছে বন্যাৰ্তৰ আশ্ৰয়স্থল। চকু ৰাখিছেনে প্ৰশাসনে?

ৰাজ্যৰ বহুঠাইত ঘাইপথেই হৈ পৰিছে বন্যাৰ্তৰ আশ্ৰয়স্থল। চকু ৰাখিছেনে প্ৰশাসনে?

ৰাজ্যৰ বহুঠাইত ঘাইপথেই হৈ পৰিছে বন্যাৰ্তৰ আশ্ৰয়স্থল। চকু ৰাখিছেনে প্ৰশাসনে?

  • Share this:

কালি নিশা জাগীৰোডৰ ধৰমতুলত সংঘটিত হয় লোমহৰ্ষক দুৰ্ঘটনা। নিশাৰ ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী নিহত হোৱাৰ লগতে আহত হয় ৭গৰাকী। বানে ঘৰ-ভেটি বুৰাই পেলোৱাৰ বাবে ঘাইপথতে অস্থায়ী আশ্রয় শিবিৰ পাতি থকা লোকক মহটিয়াই নিয়ে এএছ০১ এনচি ১২০৪ নম্বৰৰ এখন টাটা মোবাইলে (Car hit Flood affected people)।


এই দুৰ্ঘটনাত ২৫ বছৰীয়া বুবু দাস নিহত হোৱাৰ লগতে আন সাতগৰাকী ক্ৰমে ৰামপাল দাস,ৰীতা দাস,শিৱ দাস,সংগীত দাস,সঞ্জীৱ দাস,সঞ্জয় দাস,শোণিত দাস আহত হয়।ইয়াৰে দুগৰাকীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে (shelter on road due to floods)।


সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে লোককেইগৰাকী। উল্লেখ্য, ৰাজ্যৰ বহুঠাইত ঘাইপথেই হৈ পৰিছে বন্যাৰ্তৰ আশ্ৰয়স্থল। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিবহণ বিভাগ তথা আৰক্ষী প্ৰশাসনে গাড়ীচালনাৰ ক্ষেত্ৰত চকু ৰখাটো জৰুৰী।

শেহতীয়া বাতৰি