লখিমপুৰত ৯ বছৰীয়া কণমানি ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্য। ধৰ্ষণ কৰি হত্যাৰ অভিযোগ স্থানীয় লোকৰ। হত্যাকাৰীৰ ফাঁচীৰ দাবীত ছচিয়েল মিডিয়া তোল-পাৰ।

News18 Assam | News18-Assam
Updated:May 6, 2021, 3:38 PM IST
লখিমপুৰত ৯ বছৰীয়া কণমানি ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্য। ধৰ্ষণ কৰি হত্যাৰ অভিযোগ স্থানীয় লোকৰ। হত্যাকাৰীৰ ফাঁচীৰ দাবীত ছচিয়েল মিডিয়া তোল-পাৰ।
১০ জনতকৈয়ো অধিক লোকক আটক কৰি সোধা-পোছা কৰি আছে ৷ সকলোৱে একেমুখে এটাই দাবী জনাইছে যে দোষীক ফাঁচীকাঠত ওলমাব লাগে ৷

১০ জনতকৈয়ো অধিক লোকক আটক কৰি সোধা-পোছা কৰি আছে ৷ সকলোৱে একেমুখে এটাই দাবী জনাইছে যে দোষীক ফাঁচীকাঠত ওলমাব লাগে ৷

  • Share this:
লখিমপুৰ জিলাৰ চাউলধোৱা থেকেৰাগুৰি অঞ্চলত সংঘটিত এটা ঘটনাই তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত ৷ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ নিজ ঘৰৰ বাৰাণ্ডাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত সকলোৱে সন্দেহ কৰিছে এয়া ধৰ্ষণ-হত্যাকাণ্ড ৷ গাঁওবাসীৰ দাবী প্ৰথমে ধৰ্ষণ কৰি পিছতত হত্যা কৰি ওলমাই থোৱা হৈছে  কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ মৃতদেহ ওলমি আছিল এখন গামোচাত ৷

গাওঁবাসী আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাউলধোৱা আৰক্ষীয়ে, গাঁৱৰ কাষতে টাৱাৰ বহুৱাই থকা অন্য জিলাৰ ১০ জনতকৈয়ো অধিক লোকক আটক কৰি সোধা-পোছা কৰি আছে ৷ সকলোৱে একেমুখে এটাই দাবী জনাইছে যে দোষীক ফাঁচীকাঠত ওলমাব লাগে ৷

সোমবাৰে দিনদুপৰতে সংঘটিত এই ঘটনাৰ প্ৰকৃত ৰহস্য কিন্তু এতিয়াও ভেদ কৰিব পৰা নাই লখিমপুৰ আৰক্ষীয়ে ৷ৰাইজৰ দাবী আৰু সন্দেহত আটক কৰি থৈছে দহজনৰো অধিক লোকক ৷ আৰক্ষী অধীক্ষকৰ ভাষ্য- এতিয়ালৈকে এয়া এক হত্যাকাণ্ড আৰু  ধৰ্ষণ বুলি প্ৰমাণ হোৱা নাই ৷  আৰক্ষীৰ মতে প্ৰাথমিক অনুসন্ধানত ধৰ্ষণৰ কোনো প্ৰমাণ পোৱা নাছিল মৃতদেহত ৷ এতিয়ালৈ ওলোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন৷

পৰিয়ালৰ সুত্ৰে জানিব পৰা মতে,সেইদিনা ঘৰত কণমানি জনিৰ ঘৰত পিতৃ-মাতৃ কোনো নাছিল ৷ পিতৃ গৈছিল গোগামুখৰ কৰ্মস্থলীৰ পৰা ধন আনিবলৈ আৰু মাতৃ গৈছিল বগীনদীৰ এটা বেংকলৈ ৷ ঘৰৰ সন্মুখেৰে যোৱা পথাচাৰীয়ে প্ৰথমে প্ৰতক্ষ্য কৰিছিল মৃতদেহটো ৷
ইয়াৰ পিছতে গাঁৱৰ একাংশ লোকে সন্দেহবশত আৰক্ষীক গতাই দিছিল  শ্ৰমিক কেইজনক ৷ সকলোৰে সন্দেহ এইটো এটা সাধাৰণ ঘটনা নহয় ৷ যিহেতু এগৰাকী ৯ বছৰীয়া কণমানিয়ে আত্মহত্যা কৰাৰ দৰে ঘটনা বিৰল ৷

ছচিয়েল মিডিয়াত বিভিন্নজনৰ লগতে অভিনেত্ৰী  নিশিটা গোস্বামীয়ে উল্লেখ কৰে যে "সুকীয়া আইন প্ৰনয়ন কৰি হলেও এই ঘটনাত জৰিত নৰপিশাচক চৰম দণ্ডৰে দণ্ডিত কৰিব লাগে ৷" একে দৰেই লখিমপুৰ জিলা ছাত্ৰ সন্থা, যুৱছাত্ৰ পৰিষদ, কোচ-ৰাজবংশী ছাত্ৰ সন্থা, হিন্দু পৰিষদ, আহোম মহিলা কল্যাণ সমিতি আদি বহু সংগঠনে কণমানি ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ সমবেদনা জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
Published by: Manjumoni Borah
First published: May 6, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি