"ড্ৰাগছ ব্যৱসায়ীক জে'ললৈ নপঠিয়াব। সিহঁতক ধৰি গুলীয়াই মাৰক। নহ'লে মোৰ দৰে বহু পিতৃয়ে নিজ সন্তানক হেৰুৱাব। সিহঁতে জে'লৰ পৰা ওলাই আহি আকৌ ড্ৰাগছ বেচিব। ড্ৰাগছৰ বাবেই মই মোৰ দুই পুত্ৰক হেৰুৱালোঁ।" –আজি বঢ়মপুৰত মুখ্যমন্ত্ৰীৰ সন্মুখত এইদৰে মন্তব্য কৰি মঞ্চতে হুকহুকাই কান্দিলে নগাঁৱৰ মৰিকলঙৰ বাবুল আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে। নগাঁৱৰ বঢ়মপুৰত নগাঁও আৰক্ষীয়ে জব্দ কৰা ৩৬ কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰিবলৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক যুৱপ্ৰজন্মৰ বাবে বৰবিহ হৈ পৰা ড্ৰাগছ অসমৰ পৰা নাইকিয়া কৰিবলৈ আহ্বান জনায়।
আনহাতে, ড্ৰাগছৰ বাবেই নিজৰ জীৱন ধ্বংস হোৱাৰ কথা সুঁৱৰি বঢ়মপুৰ গোমোঠাগাঁৱৰ যুৱক বেদান্ত বৰাই কয়, "ড্ৰাগছৰ বাবেই মই চাকৰি হেৰুৱালো। মা, দেউতা, পত্নীক বেয়া ব্যৱহাৰ কৰিলোঁ। কিন্তু এতিয়া মই নিচামুক্তি কেন্দ্ৰ খুলি আন ১০জনক ভাল কৰাৰ চেষ্টা কৰিছো।"
বাবুল আহমেদ আৰু বেদান্ত বৰাৰ উদাহৰণ বিৰোধী বিধায়কক দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "অপৰাধীৰ পক্ষ লোৱা বিৰোধী দলৰ বিধায়ককেইজনে এই সকল ব্যক্তিৰ মৰ্মবেদনা উপলব্ধি কৰক আৰু ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজত আমাক সমৰ্থন কৰক।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|