মাৰোৱাৰীৰ গুদামৰ পৰা আহিছিল চাচনিত ৰাইজে আছুক দিয়া ধান! ‘কা’ সমৰ্থনকাৰীৰ পোষ্টক লৈ চাচনিবাসীৰ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:January 22, 2020, 6:53 PM IST
মাৰোৱাৰীৰ গুদামৰ পৰা আহিছিল চাচনিত ৰাইজে আছুক দিয়া ধান! ‘কা’ সমৰ্থনকাৰীৰ পোষ্টক লৈ চাচনিবাসীৰ প্ৰতিক্ৰিয়া
লুৰিণজ্যোতি আৰু আছুৰ এইটো এটা public relation photo shoot আখ্যা দিয়াৰ পিছত ক্ষুব্ধ চাচনিবাসী।

লুৰিণজ্যোতি আৰু আছুৰ এইটো এটা public relation photo shoot আখ্যা দিয়াৰ পিছত ক্ষুব্ধ চাচনিবাসী।

  • Share this:
সদৌ অসম ছাত্ৰ সন্থা আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে এটা ভয়ংকৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে 'দ্য মাংকী ডট কম'ৰ সাংবাদিক বিশ্বজিৎ নাথে দিয়া এটা ভাইৰেল ফেচবুক পোষ্টক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ C(A)Aক মুকলি সমৰ্থন দিয়া বিশ্বজিৎ নাথে বুধবাৰে ফেচবুকত  লিখিছে,
"ছচিয়েল মিডিয়াত এইকেইদিন কেইখনমান ফটো খুব ভাইৰেল হৈছে, য’ত চাচনিবাসীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ ‘কা’ বিৰোধী ন্যায়িক যুঁজলৈ আগবঢ়োৱা ভঁৰালৰ ধান বস্তাই বস্তাই শাৰী শাৰীকৈ সজাই থোৱা হৈছে ৷ আন এখন ফটোত আছুৰ সাধাৰণ সম্পাদক শ্ৰী লুৰিনজ্যোতি গগৈয়ে ধানৰ বস্তাৰ আগত নমস্কাৰ কৰি চাচনিবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা দেখা গৈছে ৷ এই ফটোকেইখন ভাইৰেল হোৱাৰ পাছৰে পৰাই চাচনিবাসীৰ জাতীয়বাদক লৈ অসমৰ জনসাধাৰণৰ লগতে এই অধমো আবেগিক হৈ পৰিছিলো ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভণ্ডামী আৰু মিথ্যাচাৰৰ লগত একান্ত পৰিচয় থকাৰ পাছতো জাতিৰ কাৰণে দেখুওৱা চাচনিবাসীৰ এই অকৃত্ৰিম ভালপোৱাৰ প্ৰতি মোৰ মুৰ দোঁ খাই গৈছিল ৷ গতিকে এই সম্পৰ্কে অধিক জানিবলৈ মই ব্যক্তিগতভাৱে অনুসন্ধান আৰম্ভ কৰিলো (in the monkey style) ৷"
বিশ্বজিৎ নাথে আকৌ লিখিছে, "নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই চাচনিৰ ঘৰে ঘৰে এদোনকৈ ধান সংগ্ৰহ কৰিছিল ৷ কিন্তু লুৰিনজ্যোতিৰ ফটো চেছনৰ বাবে পৰ্যাপ্ত ধান সংগ্ৰহ হোৱা নাছিল ৷ শাৰী শাৰীকৈ সজাই থোৱা ধানৰ বস্তাসমূহ আহিছিল নাহৰকটীয়াৰ দুজন মাৰোৱাৰী ব্যৱসায়ীৰ পৰা ৷ দুই ট্ৰাক ধান নাহৰকটীয়া আছুৱে সেই ব্যৱসায়ী দুজনৰ পৰা আনিছিল ৷" 

বিশ্বজিত নাথৰ ফেচবুক পোষ্ট।


বিশ্বজিৎ নাথে দীঘলীয়া পোষ্টটোত পুনৰ লিখিছে:
"এই ফটো চেছনৰ দ্বাৰা আছু তথা লুৰিনজ্যোতিয়ে দুটা উদ্দেশ্য সাধন কৰিব বিচাৰিছিল – ১) কা বিৰোধী আন্দোলন তথা আছুৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা যে আছে তাক প্ৰদৰ্শন কৰা, আৰু ২) অসমৰ ৰাইজৰ মাজত পুনৰ অসম আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰা ৷"

যথেষ্ট দীঘলীয়া এই পোষ্টক লৈ বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাচনিত। এই মন্তব্যক গৰিহণা দি অপপ্ৰচাৰ আখ্যা দিছে চাচনিৰ কৃষিজীৱি ৰাইজে। চাচনিবাসীৰ অকৃত্ৰিম আৱেগক অপমান কৰাৰ অভিযোগেৰে ক্ষোভ প্ৰকাশ কৰিছে চাচনিবাসীয়ে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰো দিছে হুংকাৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত কয়, আৰএছএছ–বিজেপিয়ে চলোৱা এনেবোৰ ভুল প্ৰপাগাণ্ডাই আমাক সহায়হে কৰিব। চাচনিবাসীয়ে এই মিছা কথাৰ আচল প্ৰত্যুত্তৰ দিবই।
First published: January 22, 2020, 6:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading