ৰঙিয়াৰ তুলসীবাৰীৰ ৰাজপথত বাঁহ বান্ধি ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাজপথত নামি আন্দোলন কৰিছে পুৰুষ-মহিলাই। ৰাইজৰ অভিযোগ এটি গুৰুত্বপূৰ্ণ পথৰ তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক ভৱেশ কলিতাই। তিনিবাৰকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ পিছতো পথটো নিৰ্মাণ নকৰাত ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ।
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে। আনহাতে পথটো নিৰ্মাণৰ লক্ষ্যৰে স্থাপন কৰা আধাৰশিলাৰ ফলকখনো অন্তৰ্ধান হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰে আই টি আইলৈ যাতায়াত কৰিব পৰা পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই এবাৰ–দুবাৰ নহয় তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। কিন্তু সম্প্ৰতি পথটি নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰাৰ সময়তে আধাৰশিলাৰ ফলক অন্তৰ্ধান হোৱাত স্থানীয় ৰাইজৰ মনত ৰহস্যৰ সৃষ্টি হৈছে ।
অনুমোদিত পথটিৰ পৰিৱৰ্তে আন স্থানৰ পথত সেই ধন ব্যয় কৰাৰ আশংকা ঘনীভূত হৈছে স্থানীয় ৰাইজৰ মনত, যাৰ পৰিপ্ৰেক্ষিতত পথটিৰ সোঁমাজত বাহ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় স্থানীয় ৰাইজে। এইক্ষেত্ৰত অতিশীঘ্ৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কাললৈ পথটো বন্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|