• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিৰ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিৰ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

 জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নোৱাৰে যাব।

জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নোৱাৰে যাব।

জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নোৱাৰে যাব।

  • Share this:

    বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ। ৰাজপথত ওলাই আহি চৰকাৰৰ বিৰুদ্ধে দিয়া দেখা গ'ল ধৰ্ণাও। চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল। ৰঙিয়াৰ কানিকুছি-বালিসত্ৰ সংযোগী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।


    ৰাইজৰ অভিযোগ জহি-খহি গৈ মৃত্যুফান্দত পৰিণত হৈছে পথটো। কি ৰ'দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে বোকা-পানীৰে কদৰ্যময় হৈ থাকে গুৰুত্বপূৰ্ণ পথটো। এই পথটোৰে দৈনিক সহস্ৰাধিক যাত্ৰীয়ে যাতায়াতৰ নামত যমৰ যাতনা ভুগি আহিছে।


    নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াত শতাধিক পথৰ আধাৰশিলা উদ্বোধন কৰিয়ে দায়িত্ব সামৰা বুলি বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে অসন্তুষ্টিও প্ৰকাশ কৰে ৰাইজে। স্বাধীনতাৰ ৭৫ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়াতৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে।


    বিশেষকৈ ছাত্র-ছাত্ৰী সকলৰ লগতে শিশু, বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গচকি অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে। পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰীসদৃশ হৈ পৰা বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে। ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে  বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে।


    শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ তুলি ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায়।

    Published by:Gautam Barman
    First published: