মুখ্যপৃষ্ঠা »খবৰ »অসম »বনৰীয়া হাতীক খাদ্য যোগানৰ বাবে এখন গাঁৱত ৰোপণ বিশেষ উদ্ভিদ। ৰক্ষা পৰিছে গাঁওবাসীৰ খেতি।

বনৰীয়া হাতীক খাদ্য যোগানৰ বাবে এখন গাঁৱত ৰোপণ বিশেষ উদ্ভিদ। ৰক্ষা পৰিছে গাঁওবাসীৰ খেতি।

বিগত দুটা সপ্তাহে বনৰীয়া হাতীৰ এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ হাতীৰ কাৰণে ৰোপন কৰা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰিছে।

বিগত দুটা সপ্তাহে বনৰীয়া হাতীৰ এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ হাতীৰ কাৰণে ৰোপন কৰা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰিছে।

বিগত দুটা সপ্তাহে বনৰীয়া হাতীৰ এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ হাতীৰ কাৰণে ৰোপন কৰা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰিছে।

  • Share this:
নগাঁও জিলাৰ চামগুৰিত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে বঢ়মপুৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত দেখা পোৱা গৈছে এক বিপৰীত ছবি। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱৰ কাষতে লাগি থকা হস্তীদণ্ডী পাহাৰত "হাতীবন্ধু" নামৰ এটা সংস্থাই বনৰীয়া হাতীক খাদ্য যোগান ধৰিব পৰাকৈ বিশেষ প্ৰজাতিৰ কিছুমান উদ্ভিদ ৰোপণ কৰি আৰম্ভ কৰিছে খেতি।

প্ৰায় চাৰিশ বিঘা পাহাৰীয়া মাটিত হাতীয়ে খাবৰ বাবে ৰোপণ কৰিছে নেফিয়াৰ ঘাহঁ, ঝাৰু, ঝাওবন, ঔটেঙা, কুম্ভীৰ, ডিমৰু ইত্যাদি বিভিন্ন প্ৰজাতিৰ গছ-গছনি। স্থানীয় ৰাইজৰ সহযোগত "হাতীবন্ধু"এ হাতত লোৱা এই সামগ্ৰিক পৰিকল্পনাৰ নেতৃত্ব বহন কৰিছে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই।

দুলু-মেঘনাহঁতৰ অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰৰ পৰিণতত বিগত দুটা বছৰ ধৰি ভৈয়ামৰ কৃষক ৰাইজে কঠীয়া পেলোৱাৰ সময়ত বনৰীয়া হাতীৰ জাকে পথাৰলৈ নামি নগৈ উদৰ পুৰাই খাবলৈ পাই অৱস্থান কৰিছিলে দুলু-মেঘনাহঁতৰ খেতি ডৰাতে। অনুৰূপ পৰিবেশ সৃষ্টি হৈছে এই বছৰো। প্ৰায় দুটা সপ্তাহে বনৰীয়া হাতীৰ প্ৰায় ২৮ জনীয়া এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ হাতীৰ কাৰণে ৰোপণ কৰা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰিছে দুলু-মেঘনাহঁতৰ ৪০০ বিঘা জুৰা ঘাহঁনি ডৰাতে। যাৰ বাবে ভৈয়ামৰ কৃষকৰ পথাৰত তথা হাতীখলি ৰংহাংৰ ওচৰ-পাজৰে থকা গাঁওসমূহত ক্ৰমশঃ বনৰীয়া হাতীৰ উপদ্ৰৱ কমি অহাত এতিয়া অতিশয় উৎফুল্লিত দুলু-মেঘনাৰ লগতে স্থানীয় গঞা ৰাইজ।

শেহতীয়া বাতৰি