চামগুৰিৰ বৰদল মিকিৰগাঁৱত বাঘৰ আক্ৰমণত আহত হয় এজন স্থানীয় লোক। জানিব পৰা মতে, খৰি কাটিবলৈ যাওঁতে বাঘৰ আক্ৰমণৰ সন্মুখীন হয় লোকজন।
বাঘৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰা লোকজনক আহত অৱস্থাত উদ্ধাৰ কৰি ৰাইজে চিকিৎসাৰ বাবে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰায়। আহত লোকজন বৰদল মিকিৰগাঁৱৰ নৰসিং ওৰাং বুলি তথ্যত প্ৰকাশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|