• Home
  • »
  • News
  • »
  • assam
  • »
  • 'উত্তৰ-পূৱৰ বুৰঞ্জীয়ে কংগ্ৰেছক ক্ষমা নকৰে'- দীৰ্ঘসময় কংগ্ৰেছত থাকি এই কথা উপলব্ধি কৰিলো, ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

'উত্তৰ-পূৱৰ বুৰঞ্জীয়ে কংগ্ৰেছক ক্ষমা নকৰে'- দীৰ্ঘসময় কংগ্ৰেছত থাকি এই কথা উপলব্ধি কৰিলো, ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

৭৫তম স্বাধীনতা দিৱস উত্তৰ-পূৱৰ ৫ কোটি নাগৰিকৰ কাৰণে অধিক অৰ্থপূৰ্ণ হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে অতীত ৰোমন্থন কৰাৰ আৰু পুৰণি ভুল পুনৰায় নকৰাৰ অংগীকাৰ প্ৰকাশ কৰে । 

৭৫তম স্বাধীনতা দিৱস উত্তৰ-পূৱৰ ৫ কোটি নাগৰিকৰ কাৰণে অধিক অৰ্থপূৰ্ণ হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে অতীত ৰোমন্থন কৰাৰ আৰু পুৰণি ভুল পুনৰায় নকৰাৰ অংগীকাৰ প্ৰকাশ কৰে । 

৭৫তম স্বাধীনতা দিৱস উত্তৰ-পূৱৰ ৫ কোটি নাগৰিকৰ কাৰণে অধিক অৰ্থপূৰ্ণ হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে অতীত ৰোমন্থন কৰাৰ আৰু পুৰণি ভুল পুনৰায় নকৰাৰ অংগীকাৰ প্ৰকাশ কৰে । 

  • Share this:
দেশৰ স্বাধীনতা প্ৰাপ্তিয়ে ৭৫বছৰত ভৰি দিয়াৰ সন্ধিক্ষণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় বিশ্বাস, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ GDPত অৱদান বাঢ়িব আৰু সকলোৱে মিলি  ৫ট্ৰিলিয়ন অৰ্থনীতিৰ ভাৰত গঢ়িব। এই ৭৫তম স্বাধীনতা দিৱস উত্তৰ-পূৱৰ ৫ কোটি নাগৰিকৰ কাৰণে অধিক অৰ্থপূৰ্ণ হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে অতীত ৰোমন্থন কৰাৰ আৰু পুৰণি ভুল পুনৰায় নকৰাৰ অংগীকাৰ প্ৰকাশ কৰে।

ইংৰাজী  দৈনিক দ্যা হিন্দুৰ অজিৰ সংস্কৰণত হিমন্ত বিশ্ব শৰ্মাই “India’s North-east, from the periphery to the core” শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশ কৰি দেশৰ ৭৫তম স্বাধীনতা দিৱসত উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ইতিহাস, সমসাময়িক সমাজ, ৰাজনীতি, সৰ্বভাৰতীয় প্ৰেক্ষাপটত অৱস্থিতি আদি বিষয় সাঙুৰি নিজৰ ভাৱ ব্যক্ত কৰে।

প্ৰবন্ধটোত শৰ্মাই বিজেপি নেতৃত্বাধীন National Democratic Alliance চমুকৈ NDA চৰকাৰে যোৱা ৭টা বছৰত উত্তৰ পূৱৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠাৰ দিশত এক নতুন মাত্ৰা প্রদান কৰিছে বুলি দাবী কৰি, পূবৰ অনগ্ৰসৰতাৰ কাৰণে কংগ্ৰেছ দলক দোষাৰোপ কৰে। প্ৰবন্ধটোত তেওঁ কৈছে – “উত্তৰ পূৱৰ ইতিহাসে কংগ্ৰেছ দলক কেতিয়াও ক্ষমা নকৰে । মই  নিজেই বহু বছৰ কংগ্ৰেছ দলত থাকি গম পালো– দলটোৰ নেতৃত্বই স্বাৰ্থসিদ্ধিৰ কাৰণে অঞ্চলটোক অনুন্নত, অৱহেলিত আৰু বিভাজিত কৰি ৰাখিলে। ২০১৪ চনৰ আগলৈকে দিল্লীৰ ধাৰণা আছিল সীমান্ত অঞ্চলত আন্তঃগাঠনি কাম তীব্ৰতৰ কৰিলে চুবুৰীয়াক প্ৰৰোচিত কৰা হ’ব। স্বাধীনতাৰ ইমান বছৰৰ পিছতো যাৰ ফলত বহু গাঁওলৈ ৰাস্তা  নিৰ্মাণ আৰু বিদ্যুৎ সংযোগ  কৰিব পৰা নগ’ল।“

অসমৰ মুখ্যমন্ত্ৰীয়ে অৱহেলাৰ ইতিহাস কিছু আলোকপাত কৰি কয় – “মহাভাৰতৰ সময়ৰ পৰা ইছলামীয় শাসনৰ আৰম্ভণিলৈকে অসমৰ ভাৰতৰ সৈতে নিবিড় সম্বন্ধ আছিল। ৭০০বছৰৰ পূৰ্বে দিল্লীৰ মচনদ মুছলমান শাসকৰ হাতলৈ যোৱাৰ পিছত এই সম্বন্ধ বেয়া হ’বলৈ ধৰে। আৰু তাৰ পিছৰ ৫০০ বছৰ আমাৰ পূৰ্ব পুৰুষে ইছলামীয় আক্ৰমণকাৰীৰে যুদ্ধত লিপ্ত হৈ থাকিবলগীয়া হয়। আক্ৰমণকাৰীয়ে অসমৰ বহু সাংস্কৃতিক আৰু ধাৰ্মিক   কীৰ্তিস্তম্ভ ধ্বংস কৰি থৈ যায়।“ অসমৰ এই যুদ্ধৰ কাহনীয়ে বুৰঞ্জীৰ কিতাপত স্থান নাপালে বুলি কয় শৰ্মাই দুখ প্ৰকাশ কৰে ।

সাম্ৰাজ্যবাদী শাসনৰ সময়ত ব্ৰিটিছৰ উদ্দেশ্য কেৱল অৰ্থনৈতিক শোষণ আছিল বুলি মন্তব্য কৰি শৰ্মাই উত্তৰ-পূৱত অঞ্চল ভিত্তিক সংঘাত আৰু সাম্প্ৰদায়িকতাৰ বীজ ব্ৰিটিছে ৰোপণ কৰি থৈ যোৱা বুলি কয়। এই ধাৰা স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে আগবঢ়াই লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে শৰ্মাই ।

উত্তৰ-পূব তথা অবিভাজিত অসমৰ এটা সময়ত অৰ্থনৈতিক উত্তৰণ দেশৰ গড়তকৈ ৪ শতাংশ অধিক আছিল বুলি উল্লেখ কৰি শৰ্মাই কয়– কংগ্ৰেছ দলে শাসনত থাকোতে কৰা অৱহেলা আৰু ভুল নীতিৰ কাৰণে অঞ্চলতো স্থলবেষ্টিত, পৰিধীয় অঞ্চলহৈ পৰিল । তেওঁ ১৯৬২চনৰ চীনা আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উত্তৰ-পূবৰ প্ৰতি কৰা অসংবেদনশীল মনোভাৱৰো উদ্ধৃতি দিবও বিচাৰে ।

তেওঁ প্ৰবন্ধটোত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰত্যক্ষ নিৰীক্ষণত উত্তৰ পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন কাৰণে পদক্ষেপ সমূহৰ বিষয়ে বিস্তৃত বিৱৰণ আগবঢ়ায় ।
Published by:Himangshu Bhuyan
First published: