• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাৰ তৃতীয় ঢৌৰ উৰাবাতৰিয়ে শংকিত কৰিছে নগাঁওবাসীক, আৰোগ্য লাভ কৰা কোভিড ৰোগীৰ ক্ষেত্ৰত শিশুৰ সংখ্যা সৰ্বাধিক

কোৰোণাৰ তৃতীয় ঢৌৰ উৰাবাতৰিয়ে শংকিত কৰিছে নগাঁওবাসীক, আৰোগ্য লাভ কৰা কোভিড ৰোগীৰ ক্ষেত্ৰত শিশুৰ সংখ্যা সৰ্বাধিক

অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জিলা প্ৰশাসনৰ

অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জিলা প্ৰশাসনৰ

অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জিলা প্ৰশাসনৰ

  • Share this:
কোৰোণা অতিমাৰীৰ দ্বিতীয় লহৰে সমগ্র দেশজুৰি ভ‌য়ংকৰ পৰিবেশ সৃষ্টি কৰি অহা সময়তে কোৰোণাৰ তৃতীয়টো ঢৌক লৈ উদ্বিগ্ন  হৈ পৰিছে  কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক। এনে সময়তে কোভিডৰ তৃতীয় ঢৌৰ উৰাবাতৰিয়ে শংকিত কৰি তুলিছে নগাঁওবাসীক।  সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো কোৰোণাত আক্ৰান্ত হোৱা কণ-কণ শিশু, কিশোৰ-কিশোৰীৰ তথ্য পোহৰলৈ আহিছে।

নগাঁও জিলাত ২৭২টা শিশু কোভিড-১৯ত আক্ৰান্ত হোৱাৰ  তথ্য পোহৰলৈ আহিছে। আনকি দেওবাৰৰ দিনটোত জিলাখনৰ বিভিন্ন স্থানত কেইবাজনো  শিশু কোভিড আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

আজি নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে সংবাদ মাধ্যমৰ আগত কয়,"যোৱা ১৪জুনৰ পৰা যোৱাকালি পৰ্যন্ত জিলা খনত ২৭২টা শিশু কোভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য আমাৰ হাতত আছে। বৰ্তমান কভিড আক্ৰান্তহৈ ২১ গৰাকী শিশু চিকিৎসাধীন হৈ আছে। ইয়াৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত ১৬টা শিশু আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড-১৯ হাস্পতালত পাঁচটা শিশু বৰ্তমানেও চিকিৎসাধীন হৈ আছে।  কোভিড আক্ৰান্ত এই শিশুসকল বয়স ছয়মাহৰ পৰা ১২ বছৰ পৰ্যন্ত। ইয়াৰে ২৫১ টা শিশু সুস্থহৈ ঘৰলৈ উভতি গৈছে।

ইফালে জিলাখনৰ দুই শতাধিক শিশু কোভিড-১৯ আক্ৰান্ত হোৱাত উদ্বিগ্নহৈ পৰিছে অভিভাৱকসকল। বহু অভিভাৱকে কোভিড-১৯ৰ তৃতীয়টো ঢৌৱে ক্ৰিয়া কৰা বুলিও শংকিতহৈ পৰিছে। অৱশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে এই আশংকা নস্যাৎ কৰিছে। ডাঃ পাটৰৰ মতে, যি সকল শিশু কোভিড-১৯ত আক্ৰান্ত হৈছে তেওঁলোকৰ মাতৃসকল আক্ৰান্ত হোৱাৰ ফলত তেওঁলোকলৈ সংক্ৰমিত হৈছে। বহু শিশু সুস্থহৈ ইতিমধ্যে ঘৰলৈ গৈছে। চিকিৎসাধীন হৈ থকা শিশু সকলো অতিশীঘ্ৰে সুস্থহৈ ঘৰলৈ উভতি যাব'- ডাঃ পাটৰে কয়।

১০শতাংশ শিশু কোভিদত আক্ৰান্ত হৈছে:

বিগত মাহকেইটিত নগাঁও জিলাত প্ৰায় ১০শতাংশ শিশু ক'ভিদত আক্ৰান্ত হৈছে। ইয়াৰ কাৰণ হৈছে শিশুসকল সদায় পিতৃ-মাতৃৰ সংস্পৰ্শত থাকে আৰু পিতৃ-মাতৃ কোভিডত আক্ৰান্ত হ'লে শিশুসকলো স্বাভাৱিকতে কোভিডত আক্ৰান্ত হয়। নগাঁও জিলাত কোভিডত আক্ৰান্ত হোৱা অধিকাংশ শিশুয়েই অতি কম বয়সৰ আৰু তেওঁলোকে মাতৃৰ দুগ্ধপান কৰাৰ লগতে অনবৰতে মাতৃৰ আলপৈচানত থকাৰ বাবে সহজেই তেওঁলোকৰ দেহলৈ কোৰোণা সংক্ৰমিত হয়। কিন্তু ভাল খবৰটো হৈছে আৰোগ্য হোৱা কোভিড ৰোগীৰ ক্ষেত্ৰটো শিশুসকলৰ সংখ্যা সৰ্বাধিক। সেয়েহে কোৰোণাৰ তৃতীয় ঢৌৰ উৰাবাতৰিক লৈ ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাইছে নগাঁও জিলা প্ৰশাসনে।
Published by:Himangshu Bhuyan
First published: