মুখ্যপৃষ্ঠা »খবৰ »অসম »NAGAON : নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাত অতিষ্ঠ ৰাইজ, ৰাইজে উৎখাত কৰিলে মদ-ভাঙৰ ঘাটি

NAGAON : নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাত অতিষ্ঠ ৰাইজ, ৰাইজে উৎখাত কৰিলে মদ-ভাঙৰ ঘাটি

নগাঁৱত মুকলিকৈ চলিছে মদ-ভাঙৰ বেহা

নগাঁৱত মুকলিকৈ চলিছে মদ-ভাঙৰ বেহা

নগাঁৱত মুকলিকৈ চলিছে মদ-ভাঙৰ বেহা

  • Share this:
নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাত যেন অতিষ্ঠ হৈ পৰিছে জিলাখনৰ সাধাৰণ ৰাইজ। মাত্ৰ এটা বছৰ পূৰ্বে অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই সৰ্বত্ৰ চৰ্চিত হোৱা নগাঁও এতিয়া পুনৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত।

মদ-ভাং-ড্ৰাগছৰ বেহা জিলাখনত ইমানেই বৃদ্ধি পাইছে যে অন্য জিলাৰ পৰা আৰক্ষীৰ দল আহিও নগাঁৱত অভিযান চলাবলৈ বাধ্য হৈছে। ইয়াৰ বিপৰীতে নগাঁও আৰক্ষীৰ দুৰ্বল ভূমিকাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। ফলত এতিয়া অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাইজে নিজাববীয়াকৈ প্ৰচেষ্টা ল'বলৈ বাধ্য হৈছে।

সোমবাৰে নগাঁও চহৰৰ পাৰ্শ্বৰ্ৱতী ম'হখুলি অঞ্চলত ডিফলু পঞ্চায়তৰ সভানেত্ৰী দীপালী কলিতাৰ নেতৃত্বত স্থানীয় বহু মহিলাই জ্যোৎস্নাৰা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু চুলাই মদ জব্দ কৰি গতাই দিলে আৰক্ষীক।

ৰাইজে জ্যোৎস্নাৰা বেগম আৰু তেওঁৰ কন্যাকো আটক কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখযোগ্য যে অঞ্চলটোত ব্যাপক হাৰত ড্ৰাগছ, মদ আৰু গাঞ্জাৰ সৰবৰাহ চলি থকাৰ বিষয়ে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো নগাঁও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নগাঁও আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাই নগাঁৱৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।

শেহতীয়া বাতৰি