মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অখিল গগৈৰ মুক্তিৰ কামনাৰে গৃহভূমিত পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন

অখিল গগৈৰ মুক্তিৰ কামনাৰে গৃহভূমিত পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন

News18 Assam | News18-Assam
Updated:May 1, 2020, 10:11 PM IST
অখিল গগৈৰ মুক্তিৰ কামনাৰে গৃহভূমিত পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন
অখিল গগৈৰ চেলেং লুসুৰাখনস্থিত বাসগৃহৰ পদূলিত মাতৃ প্ৰিয়দা গগৈয়ে এগছি বন্তি প্ৰজ্বলন কৰে।

অখিল গগৈৰ চেলেং লুসুৰাখনস্থিত বাসগৃহৰ পদূলিত মাতৃ প্ৰিয়দা গগৈয়ে এগছি বন্তি প্ৰজ্বলন কৰে।

  • Share this:
যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটৰ জ্যেষ্ঠ নাগৰিক সমাজে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই  "কা"  বিৰোধী আন্দোলনৰ কাৰাবন্দী কৃষক নেতা অখিল গগৈ প্ৰমুখ্যে সমূহ কাৰাবন্দী নেতা–কৰ্মীৰ মুক্তিৰ বাবে চৰকাৰৰ সুমতি কামনাৰে আজি সন্ধিয়া কৃষক নেতাগৰাকীৰ গৃহভূমি মৰিয়নীৰ চেলেংহাট অঞ্চলৰ সমূহ নামঘৰৰ লগতে ঘৰৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন কৰা হয়। শুকুৰবাৰে সন্ধিয়া মৰিয়নীৰ নামঘৰে নামঘৰে  ডবা, কাঁহ আদি বজাই প্ৰাৰ্থনা কৰি অখিল গগৈৰ মুক্তিৰ বাবে চৰকাৰৰ সুমতি কামনা কৰে ৰাইজে।

অখিল গগৈৰ চেলেং লুসুৰাখনস্থিত বাসগৃহৰ পদূলিত মাতৃ প্ৰিয়দা গগৈয়ে এগছি বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলনৰ অন্তত পুত্ৰৰ মুক্তিৰ বাবে এতিয়া ভগবানেই শেষ ভৰসা বুলি মন্তব্য কৰে অখিল মাতৃ প্ৰিয়দা গগৈয়ে। ইফালে অখিল গগৈৰ মুক্তিৰ বাবে এগছি বন্তি প্ৰজ্বলনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও অখিল গগৈৰ গাঁৱৰ  নামঘৰৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে।

বন্তি প্ৰজ্বলন কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে মৰিয়নী সমষ্টিৰ সন্তান অখিল গগৈক ইটোৰ পিছত সিটো গোচৰ চৰকাৰে জাপি দিছে। কিন্তু কৃষক নেতাগৰাকীৰ মুক্তিৰ বাবে অসমবাসীৰ আন্দোলন–প্ৰতিবাদক নেওচা দি চৰকাৰে আজিও বন্দী কৰি ৰাখিছে। ইফালে, অখিল গগৈৰ মুক্তিৰ বাবে ঘৰৰ পদূলিত এগছি বন্তি প্ৰজ্বলন কৰাৰ বাবে মৰিয়নীবাসীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
Published by: Sanjay Kumar Das
First published: May 1, 2020, 10:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি