• Home
  • »
  • News
  • »
  • assam
  • »
  • ভয়ংকৰ শব্দত উচপ খাই উঠিল অঞ্চলবাসী, দেখিলে ৰঙা–নীলা পোহৰ, কি হৈছিল সোণাপুৰৰ মালয়বাৰীত?

ভয়ংকৰ শব্দত উচপ খাই উঠিল অঞ্চলবাসী, দেখিলে ৰঙা–নীলা পোহৰ, কি হৈছিল সোণাপুৰৰ মালয়বাৰীত?

মালয়বাৰীৰ হীৰাপাৰাৰ ধলিবলা বিলত স্থানীয় ৰাইজে বিকট শব্দ শুনাৰ লগতে ৰঙা–নীলা লাইটৰ পোহৰ প্ৰত্যক্ষ কৰে।

  • Share this:
সোণাপুৰৰ মালয়বাৰীত নিশা চাঞ্চল্যকৰ ঘটনা। মালয়বাৰীৰ হীৰাপাৰাৰ ধলিবলা বিলত স্থানীয় ৰাইজে বিকট শব্দ শুনাৰ লগতে ৰঙা–নীলা লাইটৰ পোহৰ প্ৰত্যক্ষ কৰে। এয়া হেলিকপ্টাৰৰ শব্দ আছিল বুলি সন্দেহ কৰে স্থানীয় লোকে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীও।

কিন্তু পুৱাৰ ভাগত স্থানীয় ৰাইজে উক্ত স্থানলৈ গৈ কোনো বস্তু দেখিবলৈ নাপালে। পুৱাই বহু লোক বিলৰ পাৰত উপস্থিত হয় যদিও তাত কোনো চিন–চাব নাই বুলি মন্তব্য কৰে।

এজন স্থানীয় লোকে কয়, আমি নিশা কিবা এটা পৰা বুলি শুনিলো। আমি দুখন নাও লৈ কেইজনমান নিশাই গৈছিলো, কিন্তু কোনো ধৰণৰ চিন–চাব নাই। একো বিচাৰি পোৱা নগ’ল। পুৱাও স্থানীয় লোকে গৈ চালে, কোনো চিন–চাব দেখা নগ’ল। এতিয়া হেলিকপ্টাৰ নহয় বুলি বিশ্বাস হৈছে। হেলিকপ্টাৰ দুৰ্ঘটনা হ’লে নিশ্চয় কিবা শুংসূত্ৰ পোৱা গ’লহেঁতেন।
Published by:Sanjay Kumar Das
First published: