• Home
  • »
  • News
  • »
  • assam
  • »
  • Biswanath : সীমান্তৰ গাঁও মানে যেন এলাগী, নাই উন্নয়নমূলক আঁচনি– সেয়ে অৰুণাচলত চামিল হ'ব বিহালী বিধান সভা সমষ্টিৰ বগীজুলিৰ ৰাইজ

Biswanath : সীমান্তৰ গাঁও মানে যেন এলাগী, নাই উন্নয়নমূলক আঁচনি– সেয়ে অৰুণাচলত চামিল হ'ব বিহালী বিধান সভা সমষ্টিৰ বগীজুলিৰ ৰাইজ

 অসম চৰকাৰৰ দুৰ্বল স্থিতি আৰু চূড়ান্ত অদূৰদৰ্শিতাৰ বাবে সীমান্তৱৰ্তী খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ এতিয়া অৰুণাচলী হোৱাৰ দিশে

অসম চৰকাৰৰ দুৰ্বল স্থিতি আৰু চূড়ান্ত অদূৰদৰ্শিতাৰ বাবে সীমান্তৱৰ্তী খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ এতিয়া অৰুণাচলী হোৱাৰ দিশে

অসম চৰকাৰৰ দুৰ্বল স্থিতি আৰু চূড়ান্ত অদূৰদৰ্শিতাৰ বাবে সীমান্তৱৰ্তী খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ এতিয়া অৰুণাচলী হোৱাৰ দিশে

  • Share this:
অৰুণাচলত চামিল হ'ব বগীজুলিৰ ৰাইজ। অসম চৰকাৰৰ দুৰ্বল স্থিতি আৰু চূড়ান্ত অদূৰদৰ্শিতাৰ বাবে সীমান্তৱৰ্তী খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ এতিয়া অৰুণাচলী হোৱাৰ দিশে! দেশ স্বাধীন হোৱাৰ ৭৫ বছৰৰ অতিক্ৰম কৰিলে যদিও  বগীজুলিত নাই  বিদ্যুতৰ ব্যৱস্থা নাই সুচল বাটপথ নাই উচ্চ শিক্ষানুষ্ঠান তথা চিকিৎসালয় ৷

ফলত অসম চৰকাৰৰ বিৰুদ্ধে আছে এইসকল সীমান্তবাসীৰ তীব্ৰ ক্ষোভ ৷ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বগীজুলি গাঁওখন অৰুণাচলৰ সীমান্তত অৱস্থিত ৷ বৰজাৰনি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ড বগীজুলি হৈছে অসমৰ শেষৰখন গাঁও ৷ বিগত ৭৫ বছৰে কোনো এখন চৰকাৰে চকু মেলি নাচালে বগীজুলিক ৷

কাৰ্বি, আদিবাসী আৰু মিচিং জনগোষ্ঠীৰ লোকে বাস কৰে বগীজুলিত ৷ এতিয়াও লেম আৰু মমৰ পোহৰতে নিশাটো পাৰ কৰে  বগীজুলিৰ ৰাইজে ৷ বাট-পথৰ অৱস্থা তথৈবচ ৷ গাঁওখনলৈ যোৱাৰ নাই কোনো নিৰ্দিষ্ট পথ ৷ বিপদসংকুলভাৱে বৰগাং নৈ পাৰ হৈ দৈনিক যাতায়াত কৰে বগীজুলিৰ ৰাইজে ৷

ইয়াৰ বিপৰীতে আন্ত:গাঁথনিত পিছপৰি ৰোৱা বগীজুলিৰ কাষলৈকে নিজৰ আন্তঃগাঁথনি বৃদ্ধি কৰিলে অৰুণাচলে ৷ বগীজুলিৰ কাষতে থকা অৰুণাচলৰ গাঁৱত বিদ্যুৎ সংযোগৰ ব্যৱস্থা থকাৰ লগতে পকীপথ নিৰ্মাণ কৰিছে অৰুণাচলে ৷ নেফা ভংগ কৰি অৰুণাচল গঠন হোৱাৰ সময়ত ছাৰ্ভে অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰা প্ৰকৃত সীমাৰ পৰা বহু ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰি গাঁও পাতি ৰাস্তা, দলং, স্কুল আদি নিৰ্মাণ কৰিলে অৰুণাচলে ৷

বৃহত্তৰ বগীজুলি অঞ্চলত অৰুণাচলীয়ে পাতিছে কেইবাখনো গাঁও ৷ বগীজুলি অঞ্চলটোৰ উন্নয়নৰ দিশত অসম চৰকাৰে বিগত সময়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ সুযোগ গ্ৰহণ কৰি অৰুণাচলে বৰগাং নদীৰ পাৰলৈকে বৃহত্তৰ অঞ্চলটো এতিয়া নিজৰ বুলি দাবী কৰিছে ৷

আনহাতে যোৱা ২২ আগষ্টত শোণিতপুৰৰ বালিপাৰাত অসম আৰু অৰুণাচলৰ সীমা সমস্যাক লৈ দুয়োখন চৰকাৰৰ মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যায় ।  বৈঠকৰ সিদ্ধান্ত মতে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিবাদমান অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ মতামত ল'ব দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিয়ে ৷

সীমাক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা চলি থকাৰ সময়তেই উন্নয়নৰ স্বাৰ্থত বগীজুলিৰ ৰাইজে অৰুণাচলত চামিল হ'বলৈ মন মেলা কাৰ্যই অসম চৰকাৰৰ চূড়ান্ত অৱহেলাৰ কথাই প্ৰতিপন্ন কৰিছে ৷ 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি