চিৰদিনৰ বাবে হেৰাই গ’ল চিৰ তৰুণৰ চিৰসেউজ হাঁহি...

বিৰোধীক সমালোচনা কৰাৰ সময়তো গগৈৰ ওঁঠত জিলিকিছিল একেটাই হাঁহি।
বিৰোধীক সমালোচনা কৰাৰ সময়তো গগৈৰ ওঁঠত জিলিকিছিল একেটাই হাঁহি।
- News18 Assam
- Last Updated: November 23, 2020, 8:35 PM IST
বহু ৰাজনৈতিক উত্থান পতনৰ মাজেৰে সফলতাৰ শিখৰত উপনীত হৈছিল তেওঁ। ৰাজনৈতিক ক্ষেত্ৰখনত বহু ভাল দিনৰ লগতে বেয়া দিনো দেখিছে গগৈয়ে। কিন্তু কেতিয়াও তেওঁক উদাস হোৱা দেখা যোৱা নাছিল। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী গগৈয়ে সকলো পৰিস্থিতি চম্ভালি লৈছিল নিজৰ দক্ষতাৰে। হাঁহি হাঁহিয়ে তেওঁ মুখামুখি হৈছিল প্ৰতিটো সমস্যাৰ, প্ৰতিটো পৰিস্থিতিৰ।
১৯৬৭ চনতে ৰাজনীতিলৈ আহিছিল গগৈ। আৰু তেতিয়াৰে পৰা মৃত্যুৰ আগ মুহূৰ্তলৈ এক দীঘলীয়া পৰিক্ৰমা। ১৯৬৭ চনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটীৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব লৈছিল গগৈয়ে। ১৯৭১ আৰু ১৯৭৭ চনত ৫ম আৰু ৬ষ্ঠ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৮৩ চনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটীৰ যুটীয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পিছত ১৯৮৩ চনত ৭ম লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ।
১৯৯১-১৯৯৩ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ দায়িত্ব লাভ কৰে গগৈয়ে। ১৯৯৩-১৯৯৫ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ Food Processing Industry দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ কাৰ্যভাৰ লয় তেওঁ। ইয়াৰ পিছতে ১৯৯৭ চনত অসম বিধান সভালৈ বিধায়কৰূপে নিৰ্বাচিত হয়। ১৯৯৮ চনত দ্বাদশ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু বিধায়ক পদ ত্যাগ কৰে। ১৯৯৯ চনত ত্ৰয়োদশ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় গগৈ।
২০০১ চনৰ ১৮ মে’ত অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে তৰুণ গগৈয়ে। ২০০৬ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ২০১১ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে গগৈয়ে। ২০১৬ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় গগৈ।
তিনিটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰীৰ চকী শুৱনি কৰিছিল গগৈয়ে। ৬ বাৰকৈ নিৰ্বাচিত হৈছিল লোকসভালৈ। তথাপিতো গগৈ আছিল মাটিৰ মানুহৰ দৰেই। সকলোৰে লগত সকলো সময়তে বন্ধুত্বসুলভ মনোভাৱ তেওঁৰ।
গগৈৰ অবৰ্তমানত অসমবাসীয়ে বাৰুকৈয়ে ‘মিছ’ কৰিব গগৈৰ সেই চিৰসেউজ হাঁহিটো। বয়সৰ ওচৰত কেতিয়াও হাৰ নমনা চিৰ তৰুণ গগৈৰ বিয়োগত ৰাজনৈতিক ক্ষেত্ৰখনত বাৰুকৈয়ে অনুভৱ হ’ব। অৱসান ঘটিল এক বৰ্ণিল অধ্যায়ৰ। ম্লান পৰিল এটা চিৰসেউজ হাঁহি। চিৰশান্তি লাভ কৰক তৰুণ গগৈৰ বিদেহী আত্মাই।