• Home
  • »
  • News
  • »
  • assam
  • »
  • মোৰ অহংকাৰ, বাহাদুৰি হৈছে নেকি? প্ৰশ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ!

মোৰ অহংকাৰ, বাহাদুৰি হৈছে নেকি? প্ৰশ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ!

লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক বিজেপিৰ সংবাদ কোষ কৰ্মশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক বিজেপিৰ সংবাদ কোষ কৰ্মশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক বিজেপিৰ সংবাদ কোষ কৰ্মশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

  • Share this:
‘জনসাধাৰণে লক্ষ্য ৰাখিছে চৰকাৰখনৰ বাহাদুৰি হৈছে নেকি? লক্ষ্য ৰাখিছে মুখ্যমন্ত্ৰীৰ ওপৰতো ৷ সেয়ে লুভীয়া, খকুৱা, স্বাৰ্থপৰ আমি হ’ব নোৱাৰো ৷ বিপৰীতে বাহাদুৰি এৰি আমি নিস্বাৰ্থ ভাৱে কাম কৰিব লাগিব ৷ চৰকাৰৰ কামৰ ওপৰত জনতাৰ চকু আছে ৷ আমাক ভাল কামৰ বাবে শাসনলৈ আনিছে ৷’ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক বিজেপিৰ সংবাদ কোষ কৰ্মশালাত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মুখ্যমন্ত্ৰীৰ মতে, সংবাদ মাধ্যমে চৰকাৰী কামৰ ওপৰত সমালোচনা কৰিবই ৷ এয়া স্বাভাৱিক ৷ সংবাদ মাধ্যমৰ এনে ভুমিকাক ইতিবাচক ভাৱে গ্ৰহণ কৰিব লাগিব ৷ আমি শ্ৰদ্ধা কৰিব লাগিব ৷

‘যদিওৱা চাৰি বছৰ ছয় মাহৰ চৰকাৰৰ কাৰ্যকালত কোভিড 19ৰ বাবে বহু কাম কৰিব পৰা নাই ৷ সেয়া আমাৰ বাবে দুখজনক ৷ তথাপি এই চৰকাৰৰ দিনত পূৰ্বৰ দুৰ্নীতি, দালাল নহোৱা হৈছে ৷ বিপৰীতে জনউন্নয়নমূলক কাম হৈছে ৷ সেয়েহে জনসাধাৰণৰ ওপৰত বিশ্বাস যে, জনতাই পুনৰ ভোট দিব বিজেপিক ৷’ এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

চৰকাৰখনে ৰাইজৰ পৰা একো গোপনে ৰখা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, প্ৰতিখন আঁচনি ৰাইজৰ কাষলৈ নিয়াৰ দায়িত্ব দলীয় নেতা-কৰ্মীৰ। বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বৰ্ণনা কৰিব লাগিব। এই বৰ্ণনাই  সমন্বয়ৰ বাৰ্তা বহন কৰিব। প্ৰতিট বিভাগৰ উন্নয়নমূলক কাম -কাজৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাত্‍ কৰিছিল পূৰ্বৰ চৰকাৰে। তিনি লাখ বঞ্চিত হিতাধিকাৰীক নতুনকৈ আৱাস দিয়া হৈছে। এয়া বিজেপি চৰকাৰৰ বাবে সম্ভৱ হৈছে ৷ মন্তব্য মুখ্যমন্ত্ৰীৰ।
Published by:Himangshu Bhuyan
First published: