হোজাইত ভেকচিনৰ বাবে ৰাইজৰ মাজত লাগিছে হাহাকাৰ। ভেকচিন চেণ্টাৰবোৰত পৰ্যাপ্ত ভেকচিন নিদিয়াত ভেকচিন পাবলৈ মাজনিশাৰ পৰাই ৰাইজে পাতিছে শাৰী।হোজাইৰ নৱকল্প পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন চেণ্টাৰত ৰাইজৰ দীঘলীয়া শাৰী। পিছে কিমান আৰু থিয় হৈ থাকিব! সেয়ে নিজৰ স্থানত যিয়ে যি পাইছে তাকে থৈ ঠাই ৰাখিছে ৰাইজে।
চেণ্টাৰটোত মানুহৰ পৰিৱৰ্তে ভেকচিনৰ বাবে পতা শাৰীত দেখা গ’ল বটল, শিল, ইটা, কঁচুপাত, বাঁহৰ টুকুৰা, ORSৰ খালী পেকেট, কাঠৰ টুকুৰা আদি। ৰৈ ৰৈ আমনি লগা ৰাইজে এইদৰে নিজৰ ঠাই ৰাখিছে ভেকচিনৰ বাবে পতা শাৰীত।
মানুহ থিয় নহ’লেও শাৰীৰ স্থান পূৰাবলৈ তেওঁলোকে থোৱা বস্তুবোৰ যাতে কোনেও আঁতৰাই নিদিয়ে ইয়াৰ বাবে আকৌ দিয়া হয় পহৰা। মুঠৰ ওপৰত ভেকচিনৰ বাবে চেণ্টাৰটোত মাজনিশাৰ পৰা হোৱা এনে পৰিস্থিতিক লৈ হোজাইত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|