ম’ব লিন্সিং! হাজোৰ কোঁৱৰপুৰত ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল এজনৰ

News18 Assam | News18-Assam
Updated:June 14, 2020, 8:26 AM IST
ম’ব লিন্সিং! হাজোৰ কোঁৱৰপুৰত ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল এজনৰ
উদ্বেগজনকভাৱে বাঢ়িছে ম’ব লিন্সিঙৰ ঘটনা।

উদ্বেগজনকভাৱে বাঢ়িছে ম’ব লিন্সিঙৰ ঘটনা।

  • Share this:
হাজোৰ কোঁৱৰপুৰ দক্ষিণ শিংৰাত নৃশংস হত্যাকাণ্ডৰ ঘটনা। গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই হত্যাকাণ্ড। তিনিদিনৰ পূৰ্বে সংঘটিত হৈছিল এটা গৰু চুৰিক লৈ দুই পক্ষৰ মাজত এক ঘটনা।

পূৰ্বৰ এই ঘটনাক কেন্দ্ৰ কৰিয়েই শনিবাৰে কোঁৱৰপুৰৰ ইণ্টাজ আলী নামৰ লোক জনৰ ঘৰত আক্ৰমণ কৰিছিল ৬০/৭০জনীয়া এটি দলে।

তাৰ পাছতেই আক্ৰমণ চলাবলৈ অহা দলটোৰ ৰিয়াজুল হক নামৰ এজনক উপৰ্যুপৰি আক্ৰমণ। ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল ৰিয়াজুল হকৰ।

হাজোৰ কোঁৱৰপুৰ বালাত ঘৰ ৰিয়াজুলৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিয়ষা উপস্থিত হৈ উদ্ধাৰ কৰিছে ৰিজাউলৰ মৃতদেহ। আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত।
First published: June 14, 2020, 8:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading