সময় সদায় একেই নাথাকে! CABক লৈ ‘জাতীয় নায়ক’ক ছচিয়েল মিডিয়াত ককৰ্থনা

কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে CAB। কেবিনেটে অনুমোদন জনোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ
কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে CAB। কেবিনেটে অনুমোদন জনোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ
- News18 Assam
- Last Updated: December 4, 2019, 12:45 PM IST
অসমবাসীৰ প্ৰতিবাদ, আবেগ অনুভূতিক ভৰিৰে গচকি জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ আনিবলৈ বদ্ধ পৰিকৰ বিজেপি চৰকাৰ। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে CAB। পুৱা কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন জনোৱাৰ পিছতেই আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰা ভেকো–ভাওনাকলৈ সৰব হৈছে দল–সংগঠন। বিধেয়কখনত এটা আঁক মাৰিবলৈও সময় নথকাৰ পিছতো কি কাৰণে মাজ নিশা লৈকে আলোচনাৰ নামত বৰজাপি পিন্ধোৱা হ’ল, তাক লৈ প্ৰশ্ন কৰিছে বিভিন্ন দল–সংগঠনে।


CAB সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলেই এৰাই চলে সৰ্বানন্দ সোণোৱালে।


