মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙিয়াত দলং সম্পূৰ্ণৰ ৮ মাহ হ'ল, কিন্তু যাতায়াত কৰিব পৰা নাই ৰাইজে, ক্ষোভত অঞ্চলবাসী

ৰঙিয়াত দলং সম্পূৰ্ণৰ ৮ মাহ হ'ল, কিন্তু যাতায়াত কৰিব পৰা নাই ৰাইজে, ক্ষোভত অঞ্চলবাসী

News18 Assam | News18-Assam
Updated:August 2, 2021, 9:59 PM IST
ৰঙিয়াত দলং সম্পূৰ্ণৰ ৮ মাহ হ'ল, কিন্তু যাতায়াত কৰিব পৰা নাই ৰাইজে, ক্ষোভত অঞ্চলবাসী
দলং নিৰ্মাণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে।

দলং নিৰ্মাণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে।

  • Share this:

ৰঙিয়াত দলং সম্পূৰ্ণ হোৱাৰ ৮ মাহ পিছতো যাতায়াত কৰিব পৰা নাই ৰাইজে। ইয়াৰ বাবে  ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে। ৰঙিয়াৰ কোঠৰাত অৱস্থিত এই দলঙৰ  নামত ৰাইজৰ দুৰ্ভোগ হোৱাৰ অভিযোগ।


বৃহত্তৰ অঞ্চলটোৰ বাবে বহু প্ৰত্যাশিত এই পকী দলংখনৰ নিৰ্মাণৰ কাম ৮ মাহ পূৰ্বে প্ৰায় সম্পূৰ্ণ হৈছিল । কিন্তু দলংখনৰ দুয়ো মূৰৰ পথৰ অংশ নিৰ্মাণ নকৰা বাবে দলংখনেৰে অহা-যোৱা কৰিব পৰা নাই, যাৰ বাবে কোঠৰা , গৰিয়াকোঠকে আদি কৰি বহুকেইখন গাঁৱৰ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভুগিব লগা হৈছে ।


দলং নিৰ্মাণ কৰা ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দলঙৰ দুয়ো মূৰৰ অংশ নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এই লৈ ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। দলং নিৰ্মাণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে। লগতে গঞা ৰাইজে শীঘ্ৰে দলঙৰ দুয়ো মূৰৰ পথছোৱা নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে।

Published by: Gautam Barman
First published: August 2, 2021, 9:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি