ৰাজ্যৰ অন্যতম উৎসৱ শাৰদীয় দুৰ্গোৎসৱক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে SOP। কোভিড–১৯ক লৈ এতিয়াও শংকা মাৰ নোযোৱাত এই SOP জাৰি কৰা হৈছে। কিন্তু কোভিডৰ বাবে এইবাৰো শাৰদীয় দুৰ্গোৎসৱৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা SOPক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে একাংশ লোকক ৷
চৰকাৰৰ SOPক লৈ অসন্তুষ্টি প্ৰকাশ কৰা লোকসকলৰ প্ৰতি আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে কেইটামান কথা৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আক্ৰান্তৰ সংখ্যা যদি ১০০ৰ তললৈ নামে, তেন্তে পূজা অনুষ্ঠিতৰ সময় আৰু এঘন্টা বৃদ্ধি কৰা হ'ব।
তেওঁ লগতে কয়– আমি পূজাৰ ক্ষেত্ৰত কিছু কঠোৰ নহ'লে ক’ভিডৰ তৃতীয় ঢৌৰ কবলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি। কেৰালাত ওনাম ফেষ্টিভেলৰ পিছতেই বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। গতিকে অসমতো দুৰ্গাপূজাৰ বাবে এনে হোৱাটো আমি নিবিচাৰোঁ।
মুখ্যমন্ত্ৰীয়ে 'নিশা ৯ বজাৰ পিছত হোটেলত বহা বা ঘূৰি ফুৰাৰ যুক্তিনো ক'ত?' বুলিও প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য, কেৰালাত কোভিড–১৯ৰ প্ৰকোপ পুনৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কেৰালাৰ জাতীয় উৎসৱ ওনামৰ বাবে এনে কোভিড–১৯ বৃদ্ধি পাইছে বুলি বিশেষজ্ঞই উল্লেখ কৰিছিল। আনহাতে কোভিডৰ তৃতীয় ঢৌক লৈও বিশেষজ্ঞমহলে দেশক সকীয়াই আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|