NO WATER, NO VOTE : হাইলাকান্দি উন্নয়নৰ ছবি উদঙালে ৰাইজে

স্বাধীনতাৰ ৭ দশক পিছতো এটুপি বিশুদ্ধ খোৱাপানী নাপালে হাইলাকান্দি জিলাৰ লালা চহৰৰ ৪,৫ আৰু ৬নং ৱাৰ্ডৰ ৰাইজে, লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ

news18assam
Updated:April 16, 2019, 12:41 PM IST
NO WATER, NO VOTE : হাইলাকান্দি উন্নয়নৰ ছবি উদঙালে ৰাইজে
স্বাধীনতাৰ ৭ দশক পিছতো এটুপি বিশুদ্ধ খোৱাপানী নাপালে হাইলাকান্দি জিলাৰ লালা চহৰৰ ৪,৫ আৰু ৬নং ৱাৰ্ডৰ ৰাইজে, লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ
news18assam
Updated: April 16, 2019, 12:41 PM IST
News18 অসম : স্বাধীনতাৰ ৭ দশক পিছতো এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা ঘটনাই উদঙাইছে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন। বছৰ বছৰ ধৰি অপেক্ষা কৰিও আজিপৰ্যন্ত বিশুদ্ধ খোৱাপানী নাপালে হাইলাকান্দি জিলাৰ লালা চহৰৰ ৪,৫ আৰু ৬নং ৱাৰ্ডৰ ৰাইজে। উপায়ন্তৰ হৈ এইবাৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে অঞ্চলটোৰ ৰাইজে।

কেৱল খোৱাপানীয়ে নহয়, অঞ্চলটোত নাই যাতায়াতৰ সুব্যৱস্থাও। অতি জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিবলগা হোৱাত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। সামান্য বৰষুণতে পানীত ডুব যায় অঞ্চলটো। অঞ্চলটোত নাই পানী নিষ্কাশনৰ কোনো সুব্যৱস্থা। যাৰ ফলত বৰষুণ আহিলেই আলৈ–আথানি নোহোৱা হয় ৰাইজৰ।

২০১০ চনত অঞ্চলটোত নিৰ্মাণ কৰা হৈছিল এখন খোৱাপানী যোগান আঁচনি। কিন্তু আঁচনিৰ কাম আৰম্ভহে হ’ল, শেষ নহ’ল। ৯ বছৰ ধৰি বাট চাই চাই আজিও ৰাইজে নাপালে আঁচনিৰ সুফল। বৰ্তমান হাবি–জংঘলে আৱৰি ধৰিছে অৰ্ধনিৰ্মিত খোৱাপানী যোগান আঁচনিখন।

আজিলৈ অঞ্চলটোৰ ৰাইজে দেখা নাই স্থানীয় সাংসদ ৰাধেশ্যাম বিশ্বাসৰ মুখ। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিয়ে গাদীত বহাৰ পিছত পিঠি দিয়ে ৰাইজলৈ। বছৰ বছৰ ধৰি প্ৰৱঞ্চনাৰ বলি হৈ অহা ৰাইজে সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। খোৱাপানীৰ সুব্যৱস্থা নকৰিলে নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব অঞ্চলটোৰ ৰাইজ।

ৰাজনৈতিক দলসমূহে অঞ্চলটোক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰ অভিযোগ কৰিছে স্থানীয় লোকে। আজিলৈকে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জনপ্ৰতিনিধিয়ে। নিৰ্বাচন আহিলে আশ্বাস দিয়ে, নিৰ্বাচনৰ পিছত পুনৰ ৫ বছৰলৈ ৰাইজে নেদেখে জনপ্ৰতিনিধিৰ মুখ। জনপ্ৰতিনিধিৰ আশ্বাসত ভোল গৈ এটুপি খোৱাপানী, ৰাস্তা–ঘাটৰ উন্নয়নৰ আশাত ৰাইজে বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে। কিন্তু এতিয়া সজাগ হৈছে অঞ্চলটোৰ ৰাইজ। জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে অঞ্চলবাসীয়ে। সেয়েহে এইবাৰ ৰাইজৰ স্পষ্ট দাবী – NO WATER, NO VOTE।
আৰু চাওক পৰৱৰ্তী বাতৰি