মুখ্যপৃষ্ঠা »খবৰ »অসম »Karishma Nath : কৰিশ্মা নাথৰ নাম চাবলৈ জনসমুদ্ৰ, যুৱকৰ সুৰক্ষা বেষ্টনীৰ মাজেৰে প্ৰৱেশ অনুষ্ঠানত

Karishma Nath : কৰিশ্মা নাথৰ নাম চাবলৈ জনসমুদ্ৰ, যুৱকৰ সুৰক্ষা বেষ্টনীৰ মাজেৰে প্ৰৱেশ অনুষ্ঠানত

  • Share this:
নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথক চাবলৈ জনসমুদ্ৰ। শিল্পীগৰাকীয়ে গুৱাহাটী, নলবাৰী, চিৰাং আদি ৰাজ্যৰ দশোদিশে প্ৰতিদিনে নাগাৰা নাম পৰিৱেশন কৰি আছে। বিৰামহীন নাম পৰিৱেশনৰ এই সময়ছোৱাত শিল্পীগৰাকী লাভ কৰিছে দৰ্শকৰ বিপুল সমাদৰ। ইয়াৰ লগতে ভিৰ কৰিছে তেওঁৰ অনুৰাগীয়ে। কোনোৱে মৰমতে নিজৰ ঘৰখনলৈ নি পাতিছে কথা-বাৰ্তা, কৰিছে পুৰস্কৃত। মুঠতে নাগাৰা নাম মানেই যেন এতিয়া কৰিশ্মা নাথ।

কালি শিল্পীগৰাকীয়ে দিনত পাঠশালাৰ হেলনা আৰু নিশা নলবাৰী গংগা পুখুৰীপাৰত নামানুষ্ঠানত অংশগ্ৰহণ কৰে। সেইসময়তে বৰপেটাৰ পৰা অহা লোকে তেওঁক গামোচাৰে আদৰিছে। বাটেৰে গৈ থাকোঁতেও শিল্পীগৰাকীয়ে লাভ কৰিছে অনুৰাগীৰ মৰম।

আজি তেওঁ নাম পৰিৱেশন কৰে তামুলপুৰৰ সুন্দৰপুৰত। নিজৰ ফেচবুক একাউণ্টত পোষ্টযোগে শিল্পীগৰাকীয়ে উল্লেখ কৰে যে কালি গংগা পুখুৰীপাৰৰ বাসন্তী পূজাত জনসমুদ্ৰ হৈছিল। কমিটিয়ে তেওঁৰ নাম পৰিৱেশনত সন্তুষ্ট হৈ পুনৰ অহাবৰ্ষৰ বাসন্তী পূজাৰ বাবে নিমন্ত্ৰণ দিছে। উল্লেখ্য, অনুৰাগীৰ ভিৰৰ বাবে যুৱকৰ বেষ্টনীৰ মাজেৰে গৈ তেওঁ অনুষ্ঠানত ভাগ লৈছে।



এনেদৰেই কৰিশ্মাই কৰি গৈছে ইটোৰ পিছত সিটোকৈ অনুষ্ঠান। উল্লেখ্য, সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কৰিশ্মাই ইতিমধ্যে বহুকেইখন নামৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ পাই থৈছে। কিন্তু ইয়াৰ মাজতে প্ৰবল অনুৰোধত তেওঁ দিনতো খন্তেক সময়ৰ বাবে নাম পৰিৱেশন কৰি আমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টা চলাইছে।

শেহতীয়া বাতৰি