• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ ফাৰ্মাচীসমূহত নাই পৰ্যাপ্ত ঔষধ, গ্ৰাহকে বিচৰা ৭০% ঔষধেই নহয় উপলব্ধ!

গুৱাহাটীৰ ফাৰ্মাচীসমূহত নাই পৰ্যাপ্ত ঔষধ, গ্ৰাহকে বিচৰা ৭০% ঔষধেই নহয় উপলব্ধ!

প্ৰতীকি ফটো

প্ৰতীকি ফটো

স্বাস্থ্য মন্ত্ৰীৰ ভাষ্য অনুসৰি চৰকাৰী চিকিৎসালয়ত আছে পৰ্যাপ্ত ঔষধ ৷ কিন্তু ফাৰ্মাচীসমূহত দেখা দিয়া ঔষধৰ নাটনিয়ে দুৰ্ভোগ ভোগাব জনসাধাৰণকেই ৷

  • Share this:
পুনৰ ৰাজ্যত দেখা দিব নেকি ঔষধৰ নাটনিয়ে? এই প্ৰশ্ন এতিয়া বহুতৰে মনত ৷ কিয়নো অধিকাংশ ঔষধে উপলব্ধ নহয় ফাৰ্মাচীসমূহত ৷ ২৯ জুনৰ পৰা লকডাউন আৰম্ভ হোৱা গুৱাহাটীত প্ৰথম অৱস্থাত বন্ধ ৰখা হৈছিল মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফ ৷ ফলত ৰাজ্যত দেখা দিছিল ঔষধৰ নাটনিয়ে ৷



ৰৱৰ্তী সময়ত মেডিচিন ডিষ্ট্ৰীবিউচনৰ বাবে চৰকাৰৰ অনুমতি প্ৰদান কৰে যদিও ফাৰ্মাচীসমূহ সন্মুখীন হৈছে সমস্যাৰ ৷ 'মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফসমূহ বন্ধ থাকোতে যেনেধৰণৰ নাটনি দেখা দিছিল এতিয়া তেনে নাটনি নাই যদিও পৰ্যাপ্ত ঔষধ আমি লাভ কৰা নাই' - এই মন্তব্য গণেশগুৰিস্থিত কৃষ্ণা মেডিক'জৰ ৷



আন একাংশ ফাৰ্মাচিৰ দাবী, গ্ৰাহকে বিচৰা ৭০% ঔষধে নহয় উপলদ্ধ ৷ পৰ্যাপ্ত ঔষধ যোগান ধৰিব পৰা নাই হোলচেলাৰসকলেও ৷ ঔষধৰ নাটনি সম্পৰ্কত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৷ স্বাস্থ্য মন্ত্ৰীৰ ভাষ্য অনুসৰি চৰকাৰী চিকিৎসালয়ত আছে পৰ্যাপ্ত ঔষধ ৷ কিন্তু ফাৰ্মাচীসমূহত দেখা দিয়া ঔষধৰ নাটনিয়ে দুৰ্ভোগ ভোগাব জনসাধাৰণকেই ৷
First published:

শেহতীয়া বাতৰি