মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উকি মাৰি মাৰি নামনিৰে ৰে'লখন কেতিয়া আহিব ষ্টেচনলৈ? শিলঘাট-গুৱাহাটী ৰে'লৰ চলাচল আৰম্ভ কৰাৰ আহ্বান

উকি মাৰি মাৰি নামনিৰে ৰে'লখন কেতিয়া আহিব ষ্টেচনলৈ? শিলঘাট-গুৱাহাটী ৰে'লৰ চলাচল আৰম্ভ কৰাৰ আহ্বান

News18 Assam | News18-Assam
Updated:September 12, 2021, 9:55 AM IST
উকি মাৰি মাৰি নামনিৰে ৰে'লখন কেতিয়া আহিব ষ্টেচনলৈ? শিলঘাট-গুৱাহাটী ৰে'লৰ চলাচল আৰম্ভ কৰাৰ আহ্বান
লকডাউনৰ পিছৰ মাথো ১০দিনৰ বাবে চলিল শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ

লকডাউনৰ পিছৰ মাথো ১০দিনৰ বাবে চলিল শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ

  • News18 Assam
  • Last Updated: September 12, 2021, 9:55 AM IST
  • Share this:

যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গৰ জনপ্ৰিয় গীত "উকি মাৰি মাৰি নামনিৰে ৰে'লখনিচোন ষ্টেচন আহি পাবৰে হ'ল" গীতটি শুনিলে মধ্য অসমৰ মানুহৰ মনলৈ আহে শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লগাড়ীখনৰ কথা। কাৰণ জুবিন গাৰ্গৰ জনপ্ৰিয় গীতটিয়ে মুক্তি লাভ কৰাৰ সময়তে আৰম্ভ হৈছিল  শিলঘাট-গুৱাহাটী ৰে'লগাড়ীখনৰ চলাচল।


মধ্য অসমৰ কলিয়াবৰবাসীৰ বাবে একমাত্ৰ ৰে'লগাড়ীখনত শিলঘাটৰ পৰা গুৱাহাটীলৈ ভাড়া মাত্ৰ ৪৫ টকা। ইয়াৰ বিপৰীতে যাত্ৰীবাহী বাছত জখলাবন্ধাৰ পৰা গুৱাহাটীলৈ ভাড়া প্ৰায় ২২০ টকা। একেদৰে নগাঁৱৰ পৰাও মাত্ৰ ২০ টকাতে গুৱাহাটীলৈ যাব পৰা ৰে'লগাড়ীখনে বহু লোকক দিছিল সকাহ। কেৱল কলিয়াবৰ অথবা নগাঁও নহয়, মধ্য অসমৰ চামগুৰি, পুৰণিগুদাম, ফুলগুৰি, ৰহা, বেবেজীয়া, মৰিগাঁও, জাগীৰোড আদি ৰাইজে নিতৌ অহা-যোৱা কৰা ৰে'লগাড়ীখনৰ চলাচল বন্ধ হৈ পৰিছিল ২০২০ চনৰ মাৰ্চ মাহত।


লকডাউনৰ বাবে বন্ধ হৈ পৰা ৰে'লগাড়ীখন ক'ভিডৰ দ্বিতীয় ঢৌৰ পূৰ্বে মাত্ৰ ১০ দিনৰ বাবে চলাচল কৰিছিল যদিও পুনৰ দ্বিতীয় ঢৌৰ বাবে পুনৰ ৰে'লগাড়ীখনৰ চলাচল বন্ধ হৈ পৰে। দৰিদ্ৰ, নিম্ন মধ্যবিত্ত লোকসকলে ৰে'লগাড়ীখনক লৈ লাভ কৰিছিল ব্যাপক সকাহ। নগাঁৱৰ বহু যুৱকে এই ৰে'লগাড়ীখনতে অহা-যোৱা কৰি গুৱাহাটীত ব্যৱসায় অথবা সৰু-সুৰা চাকৰিতো নিয়োজিত হৈছিল।



পিছে এই ৰে'লগাড়ীখনৰ চলাচল বন্ধ হৈ পৰাৰ ফলত সংস্থাপনহীন হৈ পৰিছে তেওঁলোকো। শেহতীয়াকৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা মৈৰাবাৰীলৈ চলা কলংপাৰ যাত্ৰীবাহী ৰে'লগাড়ীখনৰ চলাচল পুনৰ আৰম্ভ কৰিছে যদিও শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লগাড়ীখনৰ চলাচল আৰম্ভ কৰা নাই।


সেয়ে বৃহত্তৰ মধ্য অসমৰ ৰাইজৰ স্বাৰ্থত শিলঘাট গুৱাহাটী–ৰে'লগাড়ীখনৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে নগঁঞা ৰাইজে উত্তৰ-পূব সীমান্ত ৰে'লৱেক আহ্বান জনাইছে।

Published by: Gautam Barman
First published: September 12, 2021, 9:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি