ভেকচিন বিচাৰি ৰঙিয়াত হাহাকাৰময় পৰিস্থিতি। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভেকচিন কেন্দ্ৰত নিতৌ ভেকচিন নাপাই উভতি যোৱা ৰাইজে মঙলবাৰে পুনৰ উভতিবলগীয়া হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ভেকচিন উপলব্ধ নহয় বুলি খবৰ দিবলৈ অহা স্বাস্থ্য বিভাগৰ কৰ্মীসহ চাৰি চকীয়া বাহন আবদ্ধ কৰি ৰাখে। উল্লেখ্য, কেন্দ্ৰটোত যোৱা তিনি দিনৰ পৰা নাই কোভিড ভেকচিন ।
প্ৰতিদিনে পুৱা পাঁচ বজাৰ পৰা শাৰী পাতি কেইবাশ লোক উভতি যাবলৈ বাধ্য হৈছে ভেকচিনৰ অভাৱত। কোৰোণাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ মাজতে সৰ্বসাধাৰণে ভেকচিন ল'বলৈ হেতা-ওপৰা লগাই আছে। কিন্তু ভেকচিন নাই ৰঙিয়াৰ উক্ত কেন্দ্ৰটোত। আনহাতে, ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ভেকচিনৰ নাটনি হোৱা নাই বুলি দাবী কৰি আহিছে যদিও ৰঙিয়াত কাৰ্যত ইয়াৰ বিপৰীত ছবি দেখা গৈছে। ৰঙিয়াৰ প্ৰায়ভাগ কেন্দ্ৰতেই কোভিডৰ ভেকচিন উপলব্ধ নহয় । উল্লেখ্য যে ৰঙিয়াত এতিয়ালৈকে ৩৩গৰাকী লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যাই ১৫৬৩ৰ ঘৰ অতিক্ৰম কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|