মুখ্যপৃষ্ঠা »খবৰ »অসম »চিকিৎসকক প্ৰহাৰৰ ঘটনাক সহ্য নকৰে চৰকাৰেঃ মুখ্যমন্ত্ৰী, কিয় সংঘটিত হৈছিল ঘটনাটো?

চিকিৎসকক প্ৰহাৰৰ ঘটনাক সহ্য নকৰে চৰকাৰেঃ মুখ্যমন্ত্ৰী, কিয় সংঘটিত হৈছিল ঘটনাটো?

ৰাইজৰ উগ্ৰমূৰ্তি দেখি হাস্পতাল এৰি পলায়ন কৰিবলগীয়া হয় স্বাস্থ্য কৰ্মীৰ দলটো, শাৰী নগ'ল নাৰ্ছো

ৰাইজৰ উগ্ৰমূৰ্তি দেখি হাস্পতাল এৰি পলায়ন কৰিবলগীয়া হয় স্বাস্থ্য কৰ্মীৰ দলটো, শাৰী নগ'ল নাৰ্ছো

ৰাইজৰ উগ্ৰমূৰ্তি দেখি হাস্পতাল এৰি পলায়ন কৰিবলগীয়া হয় স্বাস্থ্য কৰ্মীৰ দলটো, শাৰী নগ'ল নাৰ্ছো

  • Share this:

হোজাই জিলাৰ ফুলতলীস্থিত কোভিড কেয়াৰ চেণ্টাৰত ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই বৰ্বৰ ঘটনাক প্ৰশাসনে কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰি অসম আৰক্ষী আৰু এডিজিপি জি পি সিঙক এইক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক ঘটনাৰ বুজ লোৱাৰ বাবে নিৰ্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে জি পি সিঙে এগৰাকী মূল অপৰাধীক ইতিমধ্য আটক কৰা বুলি জানিবলৈ দিছে।


কিয় সংঘটিত হৈছিল ঘটনাটো?


হোজাই জিলাৰ ফুলতলীস্থিত কোভিড কেয়াৰ চেণ্টাৰত আজি বিয়লি ২নং পিপল পুখুৰী গাঁৱৰ গিয়াছ উদ্দিন নামৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হয়। ইয়াকে লৈ ৰোগীজনৰ আত্মীয়ই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উঠাই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে আৰু চিকিৎসক ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে সেই সময়ত কৰ্তব্যৰত একাংশ নাৰ্ছকো মাৰ-ধৰ কৰে। ৰাইজৰ উগ্ৰমূৰ্তি দেখি হাস্পতাল এৰি পলায়ন কৰিবলগীয়া হয় স্বাস্থ্য কৰ্মীৰ দলটো। উত্তেজিত লোকে কোভিড চেণ্টাৰৰ দুৱাৰ–খিৰিকীও ভাঙি চূৰমাৰ কৰে।


উল্লেখ্য চিকিৎসকে ৰোগীজনৰ কাঁহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও প্ৰস্ৰাৱ নোহোৱাত তেওঁক কৃত্ৰিমভাৱে প্ৰস্ৰাৱ কৰোৱাৰ ব্যৱস্থা কৰাৰ সময়ত হঠাতে ৰোগীজনৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে। কিন্তু ৰোগীৰ আত্মীয়ই এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ উত্তেজিত হয় আৰু চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে। তেওঁক খেদি খেদি মাটিত বগৰাই বগৰাই মাৰপিট কৰাৰ উপৰি গাৰ কাপোৰ কানিও ফালি পেলায়। সম্প্ৰতি আহত সেনাপতিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়া বাতৰি