ভাৰত চৰকাৰৰ অধীনস্থ ডাক বিভাগৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিভাগৰ লগত জড়িত এগৰাকী পিয়নে গহপুৰ মহকুমাৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষলৈ ডাকযোগে অহা পেঞ্চনৰ এটা গুৰুত্বপূৰ্ণ নথিৰ টোপোলা ফলা অৱস্থাত স্থানীয় এগৰাকী গেলামালৰ দোকানীৰ হাতত দি থৈ যোৱা কাৰ্যই সংশ্লিষ্ট পিয়নগৰাকীৰ দায়িত্বজ্ঞানহীনতা পৰিস্ফুট কৰি তুলিছে।
এইক্ষেত্ৰত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা মহকুমাটোৰ বালিজান জকাপাৰা নিৱাসী তথা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উথাপন কৰি কয় যে পেঞ্চনপ্ৰাপ্তিৰ চূড়ান্ত নিৰ্দেশনা পত্ৰ গুৱাহাটীৰ পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা ডাকযোগে প্ৰেৰণ কৰাৰ কথা জানিব পাৰি তেওঁ উক্ত নিৰ্দেশনা পত্ৰৰ অপেক্ষাত আছিল যদিও উক্ত নিৰ্দেশনা পত্ৰ লাভ কৰাৰ সম্ভাব্য সময় পাৰ হৈ যোৱাত তেওঁ চিন্তিত হৈ পৰে।কাৰণ তেওঁৰ এগৰাকী সতীৰ্থই যোৱা ৯ জুলাইত ডাকযোগে লাভ কৰে একে সময়তে প্ৰেৰণ কৰা পেঞ্চন সঞ্চালকালয়ৰ একেই নিৰ্দেশনা।
তেওঁৰ সতীৰ্থগৰাকীয়ে যথাসময়ত উক্ত নিৰ্দেশনাৰ পত্ৰ লাভ কৰা আৰু সম্ভাব্য সময় উকলি যোৱাৰ পিছতো তেওঁ ডাকযোগে পাবলগীয়া নিৰ্দেশনা পত্ৰ লাভ নকৰাৰ বাবে শিক্ষাবিদ প্ৰদীপ গোস্বামীয়ে ইয়াৰ কাৰণ জানিবলৈ গুৱাহাটীৰ পেঞ্চন সঞ্চালকালয় কাৰ্যালয়লৈ যাবলৈ যো-জা কৰোঁতেই যোৱা ২৪ জুলাইৰ পুৱা স্থানীয় বৰা উপাধিৰ এগৰাকী গেলামালৰ দোকানীৰ পৰা উক্ত নিৰ্দেশনাৰ পত্ৰৰ ডাক টোপোলাটো লাভ কৰে।
ডাকযোগে অহা খামটোৰ এটা ফালে ফালি থোৱা অংশটোত ষ্টেপ'লৰ পিন মাৰি পুনৰ বন্ধ কৰি থোৱা আৰু খামটোৰ ভিতৰত থকা পেঞ্চনৰ ছয় পৃষ্ঠাৰ চুড়ান্ত নিৰ্দেশনাটোৰ প্ৰথম দুই পৃষ্ঠা পিনৰ পৰা ফালি নিয়া অৱস্থাত তেওঁ ডাক টোপোলাটো লাভ কৰে।অসম চৰকাৰৰ চৰকাৰী নিৰ্দেশনা থকা ডাক টোপোলাটো এনেদৰে লাভ কৰি তেওঁ আচৰিত হৈ পৰে।পিছত তেওঁ অনুসন্ধান কৰি জানিব পাৰে যে বৰঙাবাৰী উপ ডাকঘৰৰ অধীনস্থ বালিজান শাখা ডাকঘৰৰ পিয়ন জয় গোহাঁয়ে যোৱা ২২ জুলাইত উক্ত গেলামালৰ দোকানীজনক অতি দায়িত্বজ্ঞানহীনভাৱে দি গৈছিল উক্ত ডাক টোপোলাটো।
সমাজৰ এগৰাকী সচেতন নাগৰিক হিচাপে উক্ত কাৰ্যক তীব্ৰ ভাষাৰে তেওঁ গৰিহণা জনোৱাৰ লগতে কালি বৰঙাবাৰী উপ ডাকঘৰত উপস্থিত হৈ সংশ্লিষ্ট পোষ্ট মাষ্টৰক বিষয়টো মৌখিকভাৱে অৱগত কৰে। উক্ত উপ ডাকঘৰৰ পৰা তেওঁ জানিব পাৰে যে যোৱা ৭ জুলাইতে বৰঙাবাৰী উপ ডাকঘৰ আহি পাইছিল পেঞ্চন প্ৰাপ্তিৰ নিৰ্দেশনাৰ ডাক টোপোলাটো। কিন্তু ৭ জুলাইতে অহা ডাক টোপোলাটো ২১ জুলাইলৈকে দিয়া নাছিল পিয়নজনে। ২২ জুলাইত দিলে যদিও তাকো পোনপটীয়াকৈ শিক্ষবিদগৰাকীক নিদি পিয়নজনে দি থৈ গ'ল গেলামালৰ দোকানীজনৰ হাতত।
এতিয়া কথা হ'ল পেঞ্চন প্ৰাপ্তিৰ ছয় পৃষ্ঠাৰ চূড়ান্ত নিৰ্দেশনাটোৰ প্ৰথম যি দুই পৃষ্ঠা ফালি এৰুৱাই নিয়া হ'ল সেই পৃষ্ঠা দুটা আছিল নিৰ্দেশনাটোৰ অন্যতম পৃষ্ঠা, যাৰ বাবে এতিয়া নিৰ্দেশনাটোৰ পৃষ্ঠা দুটাক লৈ চিন্তিত হৈ পৰিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ গোস্বামী। এই স্পৰ্শকাতৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ কাষ চাপে তেওঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|