মানকাচাৰৰ কালাপানী আৰক্ষী চকীৰ এজন কনিষ্টবলক শাস্তিমূলক ৰিজাৰ্ভ ক্ল'জ। কনিষ্টবল আব্দুছ চবুৰক শাস্তিমূলক ৰিজাৰ্ভ ক্ল'জ আৰক্ষী অধীক্ষকৰ।
কালাপানী আৰক্ষী চকীৰ পৰা এজন আচামী পলাই যোৱাৰ অভিযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে কনিষ্টবল আব্দুছ চবুৰক।
যোৱানিশা শুকান চুপাৰি চুৰিৰ অভিযোগত কালাপানী আৰক্ষীয়ে বামুণপাৰা গাঁৱৰ লালচান্দ আলী নামৰ এজন চোৰক গ্ৰেপ্তাৰ কৰিছিল। পিছে ৰাতিতে আচামী লালচান্দ আলীয়ে কালাপানী আৰক্ষী চকীৰ পৰা পলায়ন কৰিছিল যদিও প্ৰায় ৯ ঘণ্টা আৰক্ষীৰ তীব্ৰ অভিযানত পুনৰ আচামীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় কালাপানী আৰক্ষী।
ইফালে আচামীজনক পুনৰ কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জে'ল হাজোতলৈ প্ৰেৰণ কৰে যদিও উক্ত ঘটনাক কেন্দ্ৰ কৰি এজন আৰক্ষীৰ কনিষ্টবলক শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2023, 20:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।