• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাম মন্দিৰৰ ভূমি পূজনৰ পষ্টাৰক লৈ শিলচৰত দুই ফৈদৰ ভয়ংকৰ সংঘৰ্ষ, সান্ধ্যআইন জাৰি

ৰাম মন্দিৰৰ ভূমি পূজনৰ পষ্টাৰক লৈ শিলচৰত দুই ফৈদৰ ভয়ংকৰ সংঘৰ্ষ, সান্ধ্যআইন জাৰি

জিলা দণ্ডাধীশ কিৰ্থি জলিলে জনায়, "শান্তি–সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত শিলচৰৰ মালুগ্ৰাম আউটপষ্ট এলেকাত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সান্ধ্যআইন জাৰি কৰা হৈছে।"

  • Share this:
আজি ৰাম মন্দিৰৰ ভূমি পূজা হ’ব অযোধ্যাত। তাৰ প্ৰাকক্ষণত দেশৰ প্ৰান্তে প্ৰান্তে উছাহৰ ঢল। ইয়াৰ মাজতে শিলচৰত দুই ফৈদৰ মাজত লাগিল ভয়ংকৰ সংঘর্ষ। শিলচৰৰ ঘনিয়ালা বজাৰত ৰাম মন্দিৰৰ পষ্টাৰ অৰাক লৈ সৃষ্ট সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। দুটা ফৈদৰ মাজত শিলাবৰ্ষণ হোৱাৰ ফলত আৰক্ষীয় লাঠীচালনা কৰিব লগীয়া হোৱাৰ লগতে প্ৰশাসনে শিলচৰৰ মালুগ্ৰাম আৰক্ষী আউটপষ্ট এলেকাত সান্ধ্যআইন জাৰি কৰিবলগীয়া হয়।

জিলা দণ্ডাধীশ কিৰ্থি জলিলে জনায়, "শান্তি–সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত শিলচৰৰ মালুগ্ৰাম আউটপষ্ট এলেকাত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সান্ধ্যআইন জাৰি কৰা হৈছে।"

উল্লেখ্য যে, পষ্টাৰ অৰা এটা ফৈদক আন এটা ফৈদে বাধা দিয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। দুয়োটা পক্ষই নিজৰ নিজৰ ধৰ্মীয় শ্লগান দিবলৈ ধৰে। ঘটনাস্থলীৰ পৰা মাত্ৰ ৫০০মিটাৰ নিলগত আছে মালুগ্ৰাম আৰক্ষী চকী। আৰক্ষীৰ লগতে চিআৰপিএফৰ লোকে সংঘাতত লিপ্ত লোকক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে। এই সংঘাতত কিছু বাহন আৰু দুখন দোকানৰ ক্ষতিসাধন হয়।

(শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ইনপুট)
First published:

শেহতীয়া বাতৰি