ইজৰাইলৰ প্ৰতিষ্ঠান NSOই ভাৰতবৰ্ষৰ মানৱাধিকাৰ কর্মী, সাংবাদিক, অধিবক্তা, মন্ত্ৰী, নেতা আদি দেশৰ আগশাৰীৰ ব্যক্তিৰ ফোনৰ পৰা তথ্য সংগ্ৰহ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ হাতত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা চলি আছে। ইয়াকে লৈ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে উল্লেখ কৰে যে এয়া মোদী চৰকাৰৰ বিৰুদ্ধে সুপৰিকল্পিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষড়যন্ত্ৰ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় দেশত যেতিয়াই ভাল কাম হয়, তেতিয়াই বিদেশী ৰাষ্ট্ৰই ষড়যন্ত্ৰ আৰম্ভ কৰে৷ ভাৰত চৰকাৰে ইয়াকে লৈ স্পষ্ট কৰি দিছে যি কৰে সকলো আইনৰ ভিতৰত থাকিয়ে কৰে।
মোদী চৰকাৰক লৈ বিৰোধী দলৰ অভিযোগক লৈ তেওঁ কংগ্ৰেছক উদ্দেশ্যি কয়– 'কংগ্ৰেছৰ নিজৰেই ট্ৰেক ৰেকৰ্ড এনেধৰণৰ, টেলিফোন ৰেকৰ্ডিং কৰিছিল। এইবোৰ কৰাত ডক্তৰেটধাৰী কংগ্ৰেছে এতিয়া অভিযোগ কৰিছে।'
ড০ শৰ্মাই এমনেষ্টি ইন্টাৰনেচনেল (Amnesty International)ৰ দৰে সংস্থাসমূহৰ কাম–কাজ ভাৰতত নিষিদ্ধ কৰিব লাগে বুলি উল্লেখ কৰি কয় যে এমনেষ্টি ইন্টাৰনেচেলে বাঁও উগ্ৰপন্থাক সহায় কৰে৷ তেওঁ কয় যে এটা ডাটাবেছ পোৱাৰ কথা কোৱা হৈছে যদিও কাৰো ফোন ফৰেনচিক পৰীক্ষা কৰা হোৱা নাই৷ গতিকে কোনো প্ৰমাণ নোহোৱাকৈ কেনেকৈ এই অভিযোগ উত্থাপন কৰা হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদী (Narendra Modi) চৰকাৰক হেয় প্ৰতিপন্ন কৰাৰ কাৰণে কৰা ষড়যন্ত্ৰ কঠোৰভাৱে গৰিহণা দিয়াৰ লগতে কয় যে জনসাধাৰণ মোদীৰ লগত আছে, কাৰণ তেওঁৰ প্ৰতি বিশ্বাস আছে।
উল্লেখ্য, ইজৰাইলৰ প্ৰতিষ্ঠান NSOই প্ৰস্তুত কৰি উলিওৱা Pegasus Spyware applicationএ ভাৰতবৰ্ষৰ প্ৰায় ৩০০মোবাইল ফোনৰ তথ্য আহৰণ কৰাক লৈ দেশজুৰি চাঞ্চল্য সৃষ্টি হৈ আছে। এই সম্পৰ্কে ৱাশ্বিংটন পোষ্ট, দ্য গার্জিয়ান আদিকে ধৰি মুঠ ১৬টা সংবাদ সংস্থাই এনএছঅ’ৰ ছফটৱেৰ পেগাছাছৰ বিৰুদ্ধে এই অভিযোগ আনিছিল৷ কংগ্রেছে এই কার্যৰ বাবে মোদী চৰকাৰক সমালোচনা কৰি কৈছে যে বিজেপিয়ে দেশত গুপ্তচৰ বৃত্তি চলাই আহিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|