মুখ্যপৃষ্ঠা »খবৰ »অসম »পৰেশ বৰুৱাক আলোচনালৈ অনাৰ চেষ্টা এজন লোকসভাৰ সাংসদৰ, অতি গোপনে চলাইছে প্ৰচেষ্টা, সহায় কৰিছে বাংলাদেশ ফেৰত্‍ আলফা নেতাই

পৰেশ বৰুৱাক আলোচনালৈ অনাৰ চেষ্টা এজন লোকসভাৰ সাংসদৰ, অতি গোপনে চলাইছে প্ৰচেষ্টা, সহায় কৰিছে বাংলাদেশ ফেৰত্‍ আলফা নেতাই

আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷

আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷

আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷

  • Share this:
পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে এজন সাংসদে ৷ আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷

এজন লোকসভাৰ সাংসদে অতি গোপনে চলাইছে এই প্ৰচেষ্টা ৷ আলফা স্বাধীনক আলোচনাৰ মেজলৈ আনিবলৈ গ্ৰহণ কৰা উদ্যোগত সাংসদজনে সহায় লৈছে বাংলাদেশ ফেৰৎ এজন আলফা নেতাৰ ৷

এইক্ষেত্ৰত ইতিমধ্যে বাংলাদেশ ফেৰৎ নেতাজনে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে ৷ আমাৰ হাতত পৰা তথ্য মতে, সাংসদজনে পৰেশ বৰুৱাৰ পৰা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে অনুমতি ৷ বিচাৰিছে আলোচনাৰ মডেল ৷

কেনেদৰে আলোচনা আৰম্ভ কৰিব? আলোচনাৰ বিষয় কি কি হ'ব? এই বিষয়ত এক মডেল বিচাৰিছে লোকসভাৰ সাংসদজনে ৷ সাংসদজনে দিয়া প্ৰস্তাৱ ইতিমধ্যে বাংলাদেশ ফেৰৎ আলফা নেতাজনে জনাইছে পৰেশ বৰুৱাক ৷ অৱশ্যে এই বিষয়টোক পৰেশ বৰুৱাই কেনেদৰে গ্ৰহণ কৰিব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু এটা কথা ঠিক যে, সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টোক লৈ পৰেশ বৰুৱাই বিগত চাৰিটা দশকে আপোচ কৰা নাই ৷

বিগত বছৰতো NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা চলাইছিল যদিও বিষয়টো পৰবৰ্তী কালত স্থবিৰ হৈ পৰে ৷ পৰেশ বৰুৱাই আলফা স্বাধীনৰ আলোচনাৰ চিংগল পইণ্ট এজেণ্ডা হিচাপে সাৰ্বভৌম স্বাধীন অসম বুলি স্পষ্ট কৰি দিছিল ৷ ইয়াৰ পিছত শেহতীয়াকৈ লোকসভাৰ সাংসদজনে পৰেশ বৰুৱাক আলোচনাৰ মডেলিটি বিচাৰি যোগাযোগ স্থাপন কৰাৰ বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

উল্লেখযোগ্য যে, পৰেশ বৰুৱাৰ সৈতে বাংলাদেশ ফেৰৎ আলফা নেতাজনৰ জৰিয়তে যোগাযোগ স্থাপন কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ পৰা সেউজ সংকেত লৈছে লোকসভাৰ সাংসদজনে ৷ একেদৰে ৰাজ্য চৰকাৰৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷ পিছে  কেন্দ্ৰ-ৰাজ্যৰ সেউজ সংকেতৰ ভিত্তিত লোকসভাৰ সাংসদজনে পৰেশ বৰুৱাক দিয়া প্ৰস্তাৱৰ উত্তৰ আলফা স্বাধীনে কেনেদৰে দিব সেয়া সেয়া এতিয়াও অস্পষ্ট ৷

শেহতীয়া বাতৰি