লাভলীনাই বোকা পানী গচকি যোৱা পথটো এতিয়া অতীত। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan)ৰ নেৃত্বত পকী হৈছে লাভলীনাৰ ঘৰলৈ যোৱা পথ।
লাভলীনাই বোকা পানী গচকি যোৱা পথটো এতিয়া অতীত। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan)ৰ নেৃত্বত পকী হৈছে লাভলীনাৰ ঘৰলৈ যোৱা পথ।
কাইলৈ অসমলৈ আহিব অসম গৌৰৱ লাভলীনা বৰগোহাঁই। লাভলীনাক বৰঝাৰ বিমান বন্দৰৰ ৰাই ৰঙা দলিচা পাৰি আদৰি অনাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। পিছে এইগৰাকী লাভলীনাই বোকা পানী গচকী অলিম্পিক (Olympics)লৈ ওলাই গৈছিল নিজৰ ঘৰৰ পৰা। সৌ সিদিনালৈ লাভলীনাৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা পথটো আছিল বোকা-পানীৰে পোত যোৱা। পিছে গাঁৱৰ জীয়ৰি লাভলীনাই বিশ্ব জয় কৰি সকলো যেন ওলট-পালট কৰি দিলে।
লাভলীনাই বোকা পানী গচকি যোৱা পথটো এতিয়া অতীত। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan)ৰ নেৃত্বত পকী হৈছে লাভলীনাৰ ঘৰলৈ যোৱা পথ। বিধায়ক ফুকনে নতুন পকী পথৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
বিধায়ক ফুকনে পথটোৰ ফটো শ্বেয়াৰ কৰি লিখিছে, "পথটো ক'ত নিৰ্মাণ হৈছে ৰাইজে নিজেই অনুমান কৰি লওক।"
লাভলীনাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য । ৰাজ্য চৰকাৰেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক সম্বৰ্ধনা জনাবলৈ ব্যাপক আয়োজন কৰিছে। দিন-ৰাতি ব্যস্ত হৈ আছে মন্ত্ৰী বিমল বৰা (Bimal Bora)। অসমৰ হৈ প্ৰথমটো অলিম্পিক (Tokyo Olympics) মেডেল জয় কৰি লাভলীনা (Lovlina Borgohain)ই কেৱল অসমৰ গৌৰৱেই বৃদ্ধি কৰা নাই, ৰচিছে ইতিহাসো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|