মঙলবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাৰোড চহৰৰ উন্নয়নৰ বাবে ১০খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰায় ১ কোটি ৩৮ লাখ টকা ব্যয় সাপেক্ষে চহৰখনৰ ১০খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় এই আঁচনিৰ দ্বাৰা বৰপেটাৰোডৰ বিভিন্ন অভাৱ অভিযোগসমূহ পূৰণ হব ৷
সমাগত পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাৰোড চহৰৰ উন্নয়নৰ বাবে ১০খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰায় ১ কোটি ৩৮ লাখ টকা ব্যয় সাপেক্ষে চহৰখনৰ ১০খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় এই আঁচনিৰ দ্বাৰা বৰপেটাৰোডৰ বিভিন্ন অভাৱ অভিযোগসমূহ পূৰণ হব ৷
নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে বৰপেটাৰোড আৰু সৰভোগ পৌৰসভাৰ বাবে আঢ়ৈ কোটি টকা আৱণ্টন দিয়া বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উল্লেখ কৰে ৷ আবণ্টিত উক্ত টকাৰে পৌৰসভা দুখনৰ অন্তৰ্গত বাটপথকে ধৰি পুখুৰী, পাৰ্ক আদি আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সব কা সাথ সব কা বিকাশ, সব কা বিশ্বাস, সব কা বিশ্বাস আৰু সব কা প্ৰয়াসৰ কথা বাৰে বাৰে কৈ আহিছে ৷ সেয়ে ৰাইজে যদি প্ৰধানমন্ত্ৰীৰ এই শ্লোগানত সহযোগ নকৰে তেন্তে কোনো কামতে আগবাঢ়িব পৰা নাযাব বুলি উল্লেখ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় বৰপেটাৰোড চহৰখনক চাফ চিকুণ কৰি ৰাখিবলৈ প্ৰতিগৰাকী ব্যক্তিক সহযোগ আগবঢ়াবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ৷ লগতে ঠিকা ভিত্তিক কৰ্মচাৰী পৰিষদে তেওলোকৰ দাবী পূৰণ সমৰ্থনত অব্যাহত ৰখা কৰ্মবিৰতি আৰু অৱস্থান ধর্মঘট মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ লগতে বৰ্তমানৰ চৰকাৰখনক কল্যাণকামী চৰকাৰ বুলি দাবী কৰি আলাপ আলোচনাৰ মাজেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ ঠিকা ভিত্তিক কৰ্মচাৰীসকলক আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ কংগ্ৰেছৰ দিনত সামান্যভাৱে কিবা এটা লাভ কৰা হাজাৰ হাজাৰ স্বেচ্ছাসেৱক সকলক বৰ্তমানৰ চৰকাৰে ৬,৫০০ টকাকৈ দি আছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অজ্ঞাতে ঠিকা ভিত্তিক কৰ্মচাৰী সকলে কৰ্ম বিৰতি পালন কৰিলে ক্ষতি কেৱল চৰকাৰৰ নহয় সমাজৰ সকলোৰে ক্ষতি হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত আন্দোলন কৰি সফল হ'ব পৰা নাই ৷ তাতকৈ আন্দোলন নকৰি আলাপ আলোচনাৰ জৰিয়তেহে বেছি সফল হ'ব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|