• Home
  • »
  • News
  • »
  • assam
  • »
  • Patriotic Song Competition : দাৰুল উলুম মাদ্ৰাছা আৰু বঙাইগাঁও আৰক্ষীৰ যৌথ উদ্যোগত আন্তঃমাদ্ৰাছা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা

Patriotic Song Competition : দাৰুল উলুম মাদ্ৰাছা আৰু বঙাইগাঁও আৰক্ষীৰ যৌথ উদ্যোগত আন্তঃমাদ্ৰাছা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা

'সাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা ' দেশভক্তিমূলক গীতৰে মুখৰিত হৈ পৰে মাদ্ৰাছা চৌহদ ৷

'সাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা ' দেশভক্তিমূলক গীতৰে মুখৰিত হৈ পৰে মাদ্ৰাছা চৌহদ ৷

'সাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা ' দেশভক্তিমূলক গীতৰে মুখৰিত হৈ পৰে মাদ্ৰাছা চৌহদ ৷

  • Share this:
বঙাইগাঁৱত  আজাদী কা মহোৎসৱৰ বিশেষ কাৰ্যসূচী ৷ দেশৰ  স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা উপলক্ষে আয়োজন কৰা আন্তঃমাদ্ৰাছা দেশপ্ৰেমমূলক গীত আৰু আবৃত্তি প্ৰতিযোগিতা যোগীঘোপাৰ বালাপাৰা দাৰুল উৰুল উলুম মাদ্ৰাছত আয়োজন কৰা হয় ৷

দাৰুল উলুম মাদ্ৰাছা আৰু বঙাইগাঁও আৰক্ষীৰ যৌথ উদ্যোগত আন্তঃমাদ্ৰাছা দেশপ্ৰেমমূলক গীত আৰু আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উক্ত প্ৰতিযোগিতাত নখনকৈ মাদ্ৰাছাৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

'সাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা ' দেশভক্তিমূলক গীতৰে মুখৰিত হৈ পৰে মাদ্ৰাছা চৌহদ ৷ ইয়াৰ উপৰি মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন , কুইজ আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মাদ্ৰাছাৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সজাগতা সমদলও উলিওৱা হয় ৷

হাতে হাতে ত্ৰিৰংগা লৈ মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ প্ৰতিযোগিতাৰ অন্তত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই বিজয়ী সকলৰ মাজত বঁটা বিতৰণ কৰে ৷
Published by:Gautam Barman
First published: