• Home
  • »
  • News
  • »
  • assam
  • »
  • SMCH Incident: শিলচৰ মেডিকেল কলেজ হাস্পতালত অঘটন, হাস্পতালৰ চাৰি মহলাৰ পৰা জাঁপ দিলে ICUত থকা ৰোগীয়ে

SMCH Incident: শিলচৰ মেডিকেল কলেজ হাস্পতালত অঘটন, হাস্পতালৰ চাৰি মহলাৰ পৰা জাঁপ দিলে ICUত থকা ৰোগীয়ে

মূৰ, হাত আদি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা ৰোগী জনক পুনৰ সংকটজনক অৱস্থাত  হাস্পতালত ভৰ্তি কৰোৱা হয়৷

মূৰ, হাত আদি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা ৰোগী জনক পুনৰ সংকটজনক অৱস্থাত  হাস্পতালত ভৰ্তি কৰোৱা হয়৷

মূৰ, হাত আদি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা ৰোগী জনক পুনৰ সংকটজনক অৱস্থাত  হাস্পতালত ভৰ্তি কৰোৱা হয়৷

  • Share this:
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চাৰি মহলাৰ পৰা এজন ৰোগী তলত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন ৰোগীজনে চাৰি মহলাৰ পৰা শুক্ৰবাৰে নিশা জাপ দিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় (Patient jumps from SMCH's 4th Floor) ৷

মূৰ, হাত আদি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা ৰোগী জনক পুনৰ সংকটজনক অৱস্থাত  হাস্পতালত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে, ৰোগী জনৰ ঘৰ হাইলাকান্দি জিলাৰ দক্ষিণ মোহনপুৰত৷ হুছেইন আহমেদ বৰভূঞা নামৰ ২৮ বছৰীয়া যুৱকজনক দুদিন পূৰ্বে SMCHত ভৰ্তি কৰোৱা হৈছিল (Patient jumps from hospital)৷

নিজৰ ঘৰত বিষপান কৰি আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শিলচৰ মেডিকেল কলেজ হাস্পতাল (SMCH)ৰ ICUত ভৰ্তি কৰাৰ পিছত তেওঁ সুস্থও হৈছিল ৷ শুকুৰবাৰে ৰোগীজনক হাস্পতালৰ পৰা ডিচাৰ্জ দিবলৈ তেওঁৰ পৰিয়ালে চিকিৎসকক অনুৰোধ কৰিছিল ৷ কিন্তু যিহেতু ৰোগীজনক হাইলাকান্দিৰ আৰক্ষীয়ে ভৰ্তি কৰাইছিল গতিকে, আৰক্ষীৰ অনুমতিৰ পিছতহে ডিচাৰ্জ দিয়া হ'ব বুলি ৰোগীৰ পৰিয়ালক জানিবলৈ দিয়ে চিকিৎসকে ৷

আৰক্ষীৰ কথা শুনি ৰোগীজনে পলাবলৈ চেষ্টা কৰাত তেওঁক বান্ধি ৰখা হৈছিল হাস্পতালত ৷ ইয়াৰ পিছতে নিশা ১২ বজাত চাৰি মহলাৰ পৰা তলত জাঁপ দিয়ে হুছেইন আহমেদে ৷ ইফালে, কাৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৰোগীজনে হাস্পতালৰ পৰা  জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলালে, তাৰে তদন্ত কৰিবলৈ SMCH কৰ্তৃপক্ষক দাবী জনাইছে ৰোগীৰ পৰিয়ালে l
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি