চৰকাৰে দিলেও ঠিকাদাৰে নিদিয়ে! নিম্নমানৰ খাদ্যক লৈ আইআইটি ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ ক্ষোভ

News18 Assam | News18-Assam
Updated:August 1, 2020, 12:12 PM IST
চৰকাৰে দিলেও ঠিকাদাৰে নিদিয়ে! নিম্নমানৰ খাদ্যক লৈ আইআইটি ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ ক্ষোভ
বিতৰ্কিত ঠিকাদাৰক বচোৱাৰ কোনে উঠি পৰি লাগিছে এইলৈ সকলোৰে মাজত চৰ্চা অব্যাহত আছে ।

বিতৰ্কিত ঠিকাদাৰক বচোৱাৰ কোনে উঠি পৰি লাগিছে এইলৈ সকলোৰে মাজত চৰ্চা অব্যাহত আছে ।

  • Share this:
জনতাৰ দুৰ্দিনতো অনীতি–অনিয়ম আঁতৰা নাই ৰাজ্যত। ৰোগীৰ মুখৰ খাদ্যতো হাতোৰা চৰকাৰৰ আশীসধন্য ঠিকাদাৰৰ। এবাৰ নহয়, বাৰে বাৰে আই আই টি ক’ভিড কেয়াৰ শিবিৰত ৰোগীৰ অসন্তুষ্টি । মানবতা ভুলুণ্ঠিত কৰি নিম্ন মানৰ খাদ্য যোগান ধৰি আহিছে অসাধু ঠিকাদাৰে। কেতিয়াবা যদি পশুখাদ্যৰ লেখীয়া ৰোগীৰ অৰুচিকৰ খাদ্য ,আন কেতিয়াবা খাদ্য অতি নিম্নমানৰ। এই অভিযোগ আমাৰ নহয় ক’ভিড কেয়াৰ চেণ্টাৰত খাদ্য খোৱা ৰোগীৰ। 

কেবল আই আই টি কভিড শিবিৰতে নহয়, চাংসাৰী ক’ভিড শিবিৰ, শিঙিমাৰি শিবিৰ  সকলোতে সঘনাই গণ্ডগোলৰ অভিযোগ। অতি নিম্ন মানৰ খাদ্য যোগান ধৰাৰ বাবে হঠাৎ খং উঠিল ৰোগীৰ । খঙৰ ভমকত উধাই মুধাই বকিলে খাদ্য বিতৰক পৰিদৰ্শকক। অভিযোগ মতে চন্দন দাস নামৰ মন্ত্ৰী হিমন্তৰ বিশ্বৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰে এই ঠিকা লাভ কৰি ৰোগীক উচিত খাদ্যৰ পৰা বঞ্চিত কৰি আহিছে।



ইতিপূৰ্বে আই আই টি ক’ভিড শিবিৰত নিম্ন মানৰ খাদ্যৰ বাবে ৰোগীয়ে খাদ্য দলিয়াই ক্ষোভ উজাৰিছিল কামৰূপ প্ৰশাসনৰ বিৰুদ্ধে । ইফালে প্ৰতিদিনে যথা সময়ত খাদ্য যোগান ধৰাত ব্যৰ্থ হোৱাৰো গুৰুতৰ অভিযোগ। গুৱাহাটীৰ পৰা খাদ্য পৰিদৰ্শকে আহি নিম্ন মানৰ খাদ্যৰ বাবে কামৰূপ অসামৰিক যোগান বিষয়াক ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু, আশ্বৰ্যকৰভাৱে গোচৰ দিয়া দূৰৈৰ কথা ,বহু কেইটা শিবিৰত পুনৰ চন্দন দাসকে খাদ্য যোগানৰ অনুমতি দিলে যোগান সঞ্চালকে। ইয়াৰ পিছতে চাংসাৰীৰ হেভেল ক’ভিড কেয়াৰ চেণ্টাৰত ঘটিল আজৱ ঘটনা। ক’ভিড আক্ৰান্ত ৰোগীয়ে শিবিৰৰ বাহিৰলৈ আহি হাইৱেত প্ৰতিবাদ সাব্যস্ত কৰিলে।

ৰাইজৰ অভিযোগ, কামৰূপ খাদ্য অসামৰিক যোগান সহকাৰী সঞ্চালক মতিউৰ আহমেদৰ সতে থকা সু–সম্পৰ্কৰ বাবে এনে কাণ্ড কৰিও সাৰি যায় চন্দন দাস। পুৰস্কাৰ হিচাপে চন্দন দাসে লাভ কৰে নতুন নতুন শিবিৰৰ খাদ্য যোগানৰ দায়িত্ব।



চাংসাৰী হেভেলচৰ ভয়াবহ ঘটনা কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে পৰিদৰ্শনৰ পাছতো  সমগ্ৰ স্পৰ্শকাতৰ ঘটনাৰ তদন্তৰ পৰিবৰ্তে সিমানতে বিষয়টো এৰাই চলা হ’ল। বিতৰ্কিত ঠিকাদাৰক বচোৱাৰ কোনে উঠি পৰি লাগিছে এইলৈ সকলোৰে মাজত চৰ্চা অব্যাহত আছে ।
First published: August 1, 2020, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading