উত্তৰ গুৱাহাটীত নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিত্সাধীন অৱস্থাত এগৰাকী মহিলা ৰোগীৰ মৃত্যুৰ পিছতে উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক। মৃত ৰোগীগৰাকীৰ পৰিয়ালৰ অভিযোগ চিকিত্সকৰ ভুলৰ বাবেই সংঘটিত হ’ল এনে ঘটনা। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে পলায়ন কৰে জোনাইব আহমেদ নামৰ চিকিত্সকজন।
উল্লেখ্য যে ১৫ আগষ্টত হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল নাৰ্ভৰ সমস্যাত ভুগি থকা বঙাইগাঁৱৰ বন্দনা হালৈ নামৰ মহিলাগৰাকীক। আৰু হাস্পতালত ভৰ্তিৰ পিছতে চিকিত্সা চলিল মহিলাগৰাকীৰ। পিছে নাৰ্ভৰ সমস্যাত ভুগি থকা মহিলাগৰাকীক টিউমাৰৰ চিকিত্সা কৰাত ৰক্তক্ষৰণ হৈ মৃত্যু ঘটে বুলি গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 17, 2019, 08:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|