உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিহুৰ ছুটিত ঘৰলৈ অহা ৰুবুল পাটগিৰিৰ পৰিয়ালত হাহাকাৰ! ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে কণমানি পুত্ৰই

    বিহুৰ ছুটিত ঘৰলৈ অহা ৰুবুল পাটগিৰিৰ পৰিয়ালত হাহাকাৰ! ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে কণমানি পুত্ৰই

    পাহিলা মাঘৰ দিনাই পাঠশালাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে।

    • Share this:
    পাহিলা মাঘৰ দিনাই পাঠশালাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। মৃত শিশুটি পাঠশালাৰ লাচিত নগৰৰ ৰুবুল পাটগিৰিৰ পুত্ৰ প্ৰত্যুশ আকাশ বুলি জানিব পৰা গৈছে।

    জানিব পৰা মতে, বিহুৰ ছুটিত গুৱাহাটীৰ পৰা পিতৃ-মাতৃৰ সৈতে পাঠশালাস্থিত ঘৰলৈ গৈছিল ৰুবুল পাটগিৰিৰ পৰিয়ালটো। উৰুকা আৰু বিহু ঠিকেই গ'ল কিন্তু ১ মাঘ দিনাই পৰিয়ালটোলৈ মানি আহিল অমানিশা।

    পুৱা কোনেও গম নোপোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰত্যুশ আকাশ নামৰ শিশুটি। আৰু জাপ দিছিল  বিশ্ববিদ্যালয়ৰ পুখুৰীত। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীয়ে বচাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈ মৃত্যুক সাৱটি লৈছিল আকাশে।
    Published by:Himangshu Bhuyan
    First published: